Your Mic Your Voice

অসমত বস্তুৰ দাম বঢ়াৰ বাবে মুখ্যমন্ত্ৰীকেই দায়ী কৰিলে অখিল গগৈয়ে

0

দিছপুৰৰ বিধায়ক আৱাসত আজি সংবাদমেল পাতি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। তেওঁ কয় – অসম এতিয়া আইনৰ দ্বাৰা চলা নাই, ছিণ্ডিকেট আৰু মাফিয়াৰ দ্বাৰাহে চলিছে।

জাঁজী নৈৰ পাৰত ৪০ খন কয়লাৰ ট্ৰাক!

অখিল গগৈয়ে কয়, তেওঁ নিজৰ সমষ্টি শিৱসাগৰৰ জাঁজী নৈৰ ওচৰত ৪০-৪২ খন কয়লাভৰ্তি ট্ৰাক ৰৈ থকা দেখিছিল। এই ট্ৰাকবোৰ মেঘালয়ৰ পৰা আহি নাগালেণ্ডৰ তুলীলৈ যাবলৈ ওলাইছিল।

লগে লগে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা, আৰক্ষীৰ ডাঙৰ বিষয়া আৰু জিলা প্ৰশাসনক খবৰ দিছিল।

কিন্তু আৰক্ষীয়ে ট্ৰাক জব্দ কৰাৰ সলনি উল্টা আৰক্ষীৰ নিৰাপত্তা দি সীমান্ত পাৰ কৰি দিলে বুলি তেওঁ অভিযোগ কৰে।

কাৰ নেতৃত্বত চলিছে ছিণ্ডিকেট?

অখিল গগৈৰ পোনপটীয়া অভিযোগ – বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বত ৰাজ্যত ছিণ্ডিকেট ৰাজ চলিছে।

তেওঁ কয়, পশ্চিমবংগ সীমান্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হস্তক্ষেপ কৰাৰ পিছত অবৈধ ট্ৰাক বন্ধ হৈছিল। এতিয়া উজনি অসমৰ মাজেৰে তুলী বা লাকুৱা ৰে’ল ষ্টেচনৰ জৰিয়তে নতুনকৈ কয়লা সৰবৰাহৰ পৰিকল্পনা কৰা হৈছে।

কোন কোন জড়িত?

unimex

অখিল গগৈয়ে দাবী কৰে –
কয়লা, চুপাৰি, গৰুৰ অবৈধ সৰবৰাহত বিধায়ক বলিন চেতিয়া, ভাস্কৰ শৰ্মা আৰু কিছুমান ডাঙৰ মাফিয়া জড়িত।

জব্দ কৰা চুপাৰি নিলামত কম দামত কিনি হৰেন মহন্ত নামৰ মাফিয়াই আকৌ সৰবৰাহ কৰে বুলিও তেওঁ কয়।

ক্ষোভত তেওঁ কয় – “মই হিমন্ত বিশ্ব শৰ্মাক মাফিয়াৰ চৰ্দাৰ বুলি কৈছোঁ। অসম এতিয়া ছিণ্ডিকেটৰ ৰাজ্যত পৰিণত হৈছে। এজন বিধায়কে নিজৰ জিলাত অবৈধ কাম বন্ধ কৰিবলৈ কৈয়ো যদি একো কৰিব নোৱাৰে, তেন্তে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ’ব পাৰে?”

বানপীড়িতৰ কান্দোনত আৱেগিক অখিল

সংবাদমেলত শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কথা কওঁতে অখিল গগৈ আৱেগিক হৈ পৰে।

তেওঁ কয়, বানত সৰ্বস্বান্ত হোৱা মানুহে এতিয়াও ক্ষতিপূৰণ পোৱা নাই। শীত আহি আছে, কিন্তু বহু পৰিয়ালৰ হাতত এখন বিচনা বা এখন কম্বলো নাই।

লগতে ONGC-য়ে শিৱসাগৰৰ উন্নয়নৰ বাবে দিয়া ২০ কোটি টকা মুখ্যমন্ত্ৰীয়ে এতিয়াও মুকলি কৰি নিদিয়া বাবে স্কুল আৰু ৰাস্তাৰ কাম বন্ধ হৈ আছে বুলি তেওঁ আক্ষেপ কৰে।

চৰকাৰৰ হাতত উন্নয়নৰ পইছা নাই, প্ৰতিমাহে ধাৰ লৈ চৰকাৰ চলাই আছে বুলিও তেওঁ কটাক্ষ কৰে।

Leave A Reply

Your email address will not be published.

Translate »