Your Mic Your Voice

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক

0

কৰ্মসূত্ৰে বাংগালুৰুলৈ যোৱা নগাঁও জিলাৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিৰুদ্দেশ হোৱা যুৱকজন নগাঁও জিলাৰ জুৰিয়াৰ মাহগুৰি ট্ৰাইবেল গাঁৱৰ ৪২ বছৰীয়া দুৰ্গা পাটৰ। বাংগালুৰুত থকাৰ সময়তে হঠাৎ তেওঁৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে।

unimex

যুৱকজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালটো চিন্তাত ভাঙি পৰিছে। বহু ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো খবৰ নোপোৱাত আজি পৰিয়ালৰ লোকে জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছে।

কোনো সন্ধান লাভ নকৰাত অৱশেষত পৰিয়ালটোৱে সংবাদ মাধ্যমৰ কাষ চাপিছে।

যদি কোনো লোকে নিৰুদ্দেশ দুৰ্গা পাটৰৰ সন্ধান পায়, তেন্তে 8761023504নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »