Your Mic Your Voice

যুদ্ধৰ আৰম্ভণিতকৈ এতিয়া আমাৰ বাহিনী অধিক শক্তিশালী: ইৰাণৰ দাবী

0

আমেৰিকাৰ সৈতে চলি থকা যুদ্ধৰ আৰম্ভণিতকৈ ইৰাণৰ সেনাবাহিনী এতিয়া অধিক শক্তিশালী হৈ উঠিছে বুলি শনিবাৰে দাবী কৰিছে ইৰাণে।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা IRNA ৰ উদ্ধৃতিৰে ইৰাণৰ সেনাৰ মুখপাত্ৰ মহম্মদ আক্ৰমিনিয়াই কয়, “আজি ইছলামিক ৰিপাব্লিকৰ সশস্ত্ৰ বাহিনীয়ে আমেৰিকা আৰু ইজৰাইলৰ শাসন ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষৰ পৰা অভিজ্ঞতা লাভ কৰি অধিক সতৰ্ক অৱস্থাত আছে আৰু যুদ্ধৰ আৰম্ভণিতকৈ অধিক শক্তিশালী হৈছে।”

তেওঁ লগতে কয় যে ইৰাণৰ বাহিনীৰ এতিয়া অধিক প্ৰেৰণা, প্ৰতিশ্ৰুতি আৰু আত্মবিশ্বাস আছে।

আক্ৰমিনিয়াই আৰু সকীয়াই দিয়ে যে সৰ্বোচ্চ নেতাৰ নিৰ্দেশত সশস্ত্ৰ বাহিনীৰ প্ৰত্যুত্তৰ তাৎক্ষণিক, ফলপ্ৰসূ আৰু ভৌগোলিক সীমা নোহোৱাকৈ হ’ব।

unimex

উল্লেখ্য যে, ফেব্ৰুৱাৰীৰ শেষৰ ফালে আমেৰিকা আৰু ইজৰাইলে ইৰাণত আক্ৰমণ চলোৱাৰ পিছত এই যুদ্ধৰ আৰম্ভণি হৈছিল। তাৰ পিছৰে পৰা কেইবামাহো ধৰি এই সংঘৰ্ষত অচলাৱস্থাৰ সৃষ্টি হৈছে। মধ্যস্থতাকাৰীসকলে যুদ্ধ পুনৰ আৰম্ভ হোৱাত বাধা দিবলৈ চেষ্টা চলাই আছে।

আনহাতে, ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে যাতায়াত সীমিত কৰাৰ চেষ্টা কৰিছে, য’ৰ মাজেৰে সাধাৰণতে বিশ্বৰ প্ৰায় এক-পঞ্চমাংশ খাৰুৱা তেল পৰিবহণ হয়। আক্ৰমিনিয়াই কয় যে তেহৰাণে এই কৌশলগত জলপথৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছে আৰু আমেৰিকাই ইৰাণৰ দাবী মানি নোলোৱালৈকে ই বন্ধ হৈ থাকিব।

ইফালে, শুকুৰবাৰে আমেৰিকাৰ সেনাই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ে তথ্য দিয়াৰ বাবে ২ কোটি ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে।

আনহাতে, ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশ্বকিয়ানে এই সপ্তাহত কৈছে যে তেওঁৰ চৰকাৰে এতিয়াও সংলাপৰ জৰিয়তে সংকট সমাধানৰ চেষ্টা কৰি আছে।

এতিয়া প্ৰশ্ন হয়, ইৰাণৰ এই কঠোৰ স্থিতি আৰু আমেৰিকাৰ পুৰস্কাৰ ঘোষণাৰ পিছত মধ্যপ্ৰাচ্যৰ এই সংঘৰ্ষই কোন দিশে গতি কৰিব?


Leave A Reply

Your email address will not be published.

Translate »