APEC ৰ পূৰ্বে আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধৰ উত্তাপ
APEC ৰ পূৰ্বে বাণিজ্যিক উদ্বেগ প্ৰকাশ আমেৰিকা আৰু চীনৰ শীৰ্ষ বিষয়াৰ
APEC শীৰ্ষ সন্মিলনৰ পূৰ্বে আমেৰিকা আৰু চীনৰ শীৰ্ষ বিষয়াই বাণিজ্যিক বিষয়ক লৈ পাৰস্পৰিক উদ্বেগ প্ৰকাশ কৰিছে।
শুকুৰবাৰে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছেণ্ট আৰু বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীয়াৰে চীনৰ উপ-প্ৰধানমন্ত্ৰী হি লিফেঙৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতে।

আমেৰিকাই চীনক বুছান চুক্তিৰ প্ৰতিশ্ৰুতি “সম্পূৰ্ণ আৰু তৎক্ষণাত” ৰূপায়ণ কৰিবলৈ কয়। বিশেষকৈ কৃষিজাত সামগ্ৰী ক্ৰয়, ৰেয়াৰ আৰ্থ আৰু অন্যান্য জটিল খনিজ পদাৰ্থৰ যোগানৰ ক্ষেত্ৰত চীনৰ শেহতীয়া পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰে।
আনফালে চীনে আমেৰিকাৰ শেহতীয়া বাণিজ্যিক নিষেধাজ্ঞাক লৈ “গভীৰ উদ্বেগ” প্ৰকাশ কৰে। দুয়োপক্ষই আলোচনাক “স্পষ্ট, গভীৰ আৰু গঠনমূলক” বুলি অভিহিত কৰে।
১৮-১৯ নৱেম্বৰত চীনৰ শ্বেনঝেনত অনুষ্ঠিত হ’বলগীয়া APEC সন্মিলনত ট্ৰাম্প আৰু ছি জিনপিঙৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। তাত ট্ৰাম্প, ছি আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠকৰো আলোচনা চলি আছে।