ইৰাণৰ ঘোষণা: চৰ্ত মানিলে ২ দিনতে হৰমুজ প্ৰণালী খুলি দিম
ইৰাণে ঘোষণা কৰিছে যে আমেৰিকাই তেওঁলোকৰ চৰ্ত মানিলে ২ দিনৰ ভিতৰতে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী (Strait of Hormuz) পুনৰ খুলি দিবলৈ সাজু। আগতে তেওঁলোকে ৭ দিনীয়া পৰিকল্পনাৰ কথা কৈছিল, এতিয়া কাটাৰৰ মধ্যস্থতাত ইয়াক ২ দিনলৈ হ্ৰাস কৰা হৈছে।
ইৰাণৰ চৰ্ত কি কি?

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইৰ মতে চৰ্তসমূহ হ’ল –
১. মধ্যপ্ৰাচ্যৰ সকলো ফ্ৰণ্টত যুদ্ধ বন্ধ
২. বিদেশত জব্দ কৰা ইৰাণৰ সম্পত্তি মুকলি
৩. তেল খণ্ডৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা
৪. আমেৰিকাৰ নৌ-অৱৰোধ (Naval Blockade) অন্ত পেলোৱা
বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে আল-জাজিৰাক দিয়া সাক্ষাৎকাৰত কৈছে, “প্ৰথম দিনা আমেৰিকাই ব্যৱস্থা ল’ব, দ্বিতীয় দিনা হৰমুজ খোলা হ’ব।” লগতে ওমানৰ সৈতে মিলি ঠিক কৰা নতুন জাহাজ চলাচলৰ ৰুটক স্বীকৃতি দিব লাগিব বুলিও দাবী জনাইছে।
বৰ্তমান কাটাৰৰ জৰিয়তে দুয়ো দেশৰ মাজত বাৰ্তাৰ আদান-প্ৰদান চলি আছে, কিন্তু আমেৰিকাই এতিয়ালৈকে এই প্ৰস্তাৱত সন্মতি দিয়া নাই।