Your Mic Your Voice

ঘূৰ্ণীবতাহ আৰ্ণৱ: ওড়িশাত আঠখন জিলাৰ ৪৮,০০০ লোকক স্থানান্তৰৰ ঘোষণা

0

অতি ভয়ংকৰ ঘূৰ্ণীবতাহ ‘আৰ্ণৱ’ উপকূলৰ ফালে আগবাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত ওড়িশা চৰকাৰে আঠখন জিলাৰ প্ৰায় ৪৮,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। বিশেষ সাহায্য আয়ুক্ত ৰাজেশ প্ৰভাকৰ পাটিলে মঙলবাৰে এই কথা জনায়।

আটাইতকৈ বেছি লোকক স্থানান্তৰ কৰা হ’ব নবৰংগপুৰ আৰু গজপতি জিলাৰ পৰা, প্ৰায় ১১,০০০ কৈ। ইয়াৰ উপৰিও মালকানগিৰিৰ পৰা ৯,৮৫০, গঞ্জামৰ পৰা ৬,৫০০, কোৰাপুটৰ পৰা ৫,০০০, কালাহাণ্ডিৰ পৰা ২,৪১৫, নুৱাপাড়াৰ পৰা ১,৬৭৫ আৰু ৰায়গড়াৰ পৰা ৩০০ জনক স্থানান্তৰ কৰা হ’ব।

unimex

চৰকাৰে সাহায্য আৰু প্ৰস্তুতিৰ বাবে ১৯ কোটি টকা মুকলি কৰিছে আৰু ৪৮টা ODRAF, ৯টা NDRF আৰু ২২৫টা অগ্নি নিৰ্বাপক দল মোতায়েন কৰিছে। ৰাজ্যজুৰি ১৩৫টা স্থায়ী আৰু ১৬০০টা অস্থায়ী আশ্ৰয় শিবিৰ সাজু কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহজাকে বুধবাৰে (২৮ অক্টোবৰ) পুৱা অন্ধ্ৰপ্ৰদেশৰ বাপতলা আৰু বিশাখাপট্টনমৰ মাজত, য়ানামৰ ওচৰত স্থলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। এই সময়ত ১২৫-১৪০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বলিব পাৰে।

Leave A Reply

Your email address will not be published.

Translate »