Your Mic Your Voice

বনগাঁৱত এনকাউণ্টাৰত নিহত ধৰ্ষণকাৰী, হত্যাৰ অভিযোগত আছিল অভিযুক্ত

0

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বনগাঁও মহকুমাৰ গাইঘাটাত চাঞ্চল্যকৰ এনকাউণ্টাৰ। ধৰ্ষণ আৰু হত্যাৰ অভিযুক্তক আৰক্ষীয়ে এনকাউণ্টাৰত গুলীয়াই নিধন কৰিলে।

নিহত অভিযুক্তৰ নাম প্ৰহ্লাদ দাস (২৩)। যোৱা শনিবাৰে নিশা সন্ধানহীন হোৱা এগৰাকী একাদশ শ্ৰেণীৰ ১৭ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে।

আৰক্ষী সূত্ৰ অনুসৰি, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে শনিবাৰে নিশা স্থানীয় বজাৰৰ ওচৰত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈছিল। নিশা প্ৰায় ১১:৩০ বজাত এটা ফোন কল অহাৰ পিছত তাই অনুষ্ঠানস্থলীৰ পৰা ওলাই আহে আৰু তাৰ পিছৰ পৰা সন্ধানহীন হয়। পৰিয়াল আৰু স্থানীয় লোকে গোটেই নিশা বিচাৰ-খোচাৰ কৰাৰ পিছত দেওবাৰে পুৱা গাইঘাটাৰ এটা ঘৰৰ পিছফালে তাইৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হয়। মূৰ আৰু মুখমণ্ডলত আঘাতৰ চিন আছিল।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰি ১০ দিনৰ আৰক্ষী জিম্মালৈ আনে আৰু ঘটনাৰ তদন্তৰ বাবে SIT গঠন কৰা হয়।

unimex

আৰক্ষীৰ ভাষ্য অনুসৰি আজি পুৱতি নিশা প্ৰায় ৩ বজাৰ পৰা ৩:৩০ বজাৰ ভিতৰত অভিযুক্তক লৈ ঘটনাস্থলীৰ পুনৰ নিৰ্মাণ (Crime Scene Reconstruction) কৰিবলৈ নিয়া হৈছিল। প্ৰক্ৰিয়া শেষ কৰি ঘূৰি অহাৰ সময়ত গাড়ীৰ ভিতৰতে প্ৰহ্লাদে এজন আৰক্ষী বিষয়াৰ চাৰ্ভিচ ৰিভলভাৰ কাঢ়ি আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে আৰু ওচৰৰ পুখুৰীত জাঁপ দিয়ে পলাবলৈ চেষ্টা কৰে।

আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। গুলীবিদ্ধ প্ৰহ্লাদক ততাতৈয়াকৈ বনগাঁও ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাত এজন আৰক্ষী বিষয়াও আহত হোৱা বুলি জানিব পৰা গৈছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, এইটো যোৱা চাৰি মাহত ৰাজ্যখনত সংঘটিত দ্বিতীয়টো এনকাউণ্টাৰ। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত বাৰুইপুৰৰ এটা ধৰ্ষণ-হত্যাৰ গোচৰৰ অভিযুক্তকো একেদৰে ক্ৰাইম চিন পুনৰ নিৰ্মাণৰ সময়ত এনকাউণ্টাৰত হত্যা কৰা হৈছিল।

ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীৰ এই পদক্ষেপক একাংশই অপৰাধীৰ মনত ভয় সৃষ্টি কৰিব বুলি আদৰণি জনাইছে যদিও বিৰোধীয়ে ইয়াক ‘যোগী মডেল’ বুলি সমালোচনা কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »