বন্য পশু-পক্ষী সংৰক্ষণত কামপুৰৰ পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ বিশেষ পদক্ষেপ; নাঁৱত গৈ পক্ষী উদ্যান আৰু ইক’ কেম্প উন্মোচন বিধায়ক জিতু গোস্বামীৰ
বন্য পশু-পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত কামপুৰৰ পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ লগতে কামপুৰ ৰাইজে এক বিশেষ পদক্ষেপ হাতত লৈছে। বন্য প্ৰাণীক সুৰক্ষা দিয়া, পৰ্যটন ক্ষেত্ৰ হিচাপে উন্নীত কৰা আৰু স্থানীয় লোকক কৃষি উন্নয়নৰ জৰিয়তে কৰ্ম-সংস্থাপন দিয়াটোৱেই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য।
বিগত সময়ছোৱাত পৰিৱেশ সংৰক্ষণ কেন্দ্ৰই এই লক্ষ্য আগত ৰাখি বহু কেইটা গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিছে। ইয়াৰ ভিতৰত বিলৰ মীন মহল মুক্ত কৰা, বিলৰ খালবোৰ পুতি পানী সংৰক্ষণ কৰা, ওখ ঠাইত গছপুলি ৰোপণ কৰা, বিলত লক্ষাধিক মাছৰ পোনা মেলা আৰু ইক’ কেম্প নিৰ্মাণ কৰি বন্য প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, পৰিৱেশ সংৰক্ষণ কেন্দ্ৰ আৰু অসম বন বিভাগে যুটীয়াভাৱে যোৱা ফেব্ৰুৱাৰী মাহত কামপুৰৰ দীঘলী বিলত পক্ষী জৰীপ চলাইছিল। জৰীপৰ পিছত বিলখনক পক্ষী উদ্যান হিচাপে স্বীকৃতি দিবলৈ চৰকাৰক আবেদন জনোৱা হৈছে আৰু বৰ্তমান বিলখন স্বীকৃতিৰ পথত আছে।

পৰিৱেশ সংৰক্ষণ কেন্দ্ৰ আৰু কামপুৰ ৰাইজে দীঘলী বিলত পক্ষী উদ্যান আৰু ইক’ কেম্প নিৰ্মাণ কৰি বিলত থকা বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু হাতীকে ধৰি বিভিন্ন জীৱ-জন্তু সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
দেওবাৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এখন টুলুঙা নাঁৱেৰে দীঘলী বিললৈ গৈ পক্ষী উদ্যান আৰু দীঘলী ইক’ কেম্পৰ শুভ উন্মোচন কৰে। বিলখন ভ্ৰমণ কৰি বিধায়কগৰাকী আপ্লুত হয়। বিলখনত পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰাৰ লগতে কৃষি ক্ষেত্ৰতো বহু সম্ভাৱনা আছে বুলি তেওঁ কয়। লগতে ৰাইজক সকলো ক্ষেত্ৰতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
চাৰিটা দশকৰ পিছত বিলখন ৰাইজৰ হাতলৈ অহা আৰু পোন প্ৰথমবাৰৰ বাবে বিলত বিধায়কৰ পদাৰ্পণত স্থানীয় ৰাইজ উৎসাহিত হৈ পৰে।