Your Mic Your Voice

২০২৯ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব ছিনিয়ৰ ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপ: IWF

0

ভাৰতৰ বাবে গৌৰৱৰ খবৰ। গুজৰাটৰ আহমেদাবাদত ২০২৯ চনৰ ছিনিয়ৰ ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনে (IWF) দেওবাৰে চীনৰ নিংবোত অনুষ্ঠিত কাৰ্যনিৰ্বাহক ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত ঘোষণা কৰে।

unimex

এয়া ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো ছিনিয়ৰ ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপ। IWF-এ ২০২৯ আৰু ২০৩০ চনৰ দুয়োটা বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজনৰ অধিকাৰ একেলগে ঘোষণা কৰিছে। ২০৩০ চনৰ চেম্পিয়নশ্বিপ ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত হ’ব।

IWFৰ মহাসচিব হোসে কুইননে কয়, “আমি লাভ কৰা সকলো নিবিদাই উৎকৃষ্ট আছিল। কোছ’ভ’, ভেনেজুৱেলা আৰু ভাৰত – এই তিনিখন দেশে প্ৰথমবাৰৰ বাবে IWF বিশ্ব ইভেণ্ট আয়োজন কৰিব, যিয়ে আমাৰ খেলবিধ বিশ্বজুৰি বৃদ্ধি পোৱাৰ প্ৰমাণ দিয়ে।”

উল্লেখযোগ্য যে আহমেদাবাদত ২০৩০ চনৰ কমনৱেলথ গেমছো অনুষ্ঠিত হ’ব, আৰু ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবেও দাবী জনাই আছে।

Leave A Reply

Your email address will not be published.

Translate »