মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, শীঘ্ৰে ওলাব অসম আৰক্ষীৰ নিযুক্তি
শুকুৰবাৰে নিশা ফেচবুক লাইভত অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ক্ৰীড়া, শিক্ষা, নিযুক্তি আৰু চৰকাৰী কৰ্মচাৰীৰ হিতাৰ্থে কেইবাটাও নতুন পদক্ষেপৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, অহা ৭ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ‘খেল মহাৰণ’ৰ নতুন সংস্কৰণ। প্ৰথমে গাঁও পঞ্চায়ত স্তৰত আৰম্ভ হোৱা এই প্ৰতিযোগিতা পিছলৈ সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব। এতিয়ালৈকে ৪০ লাখৰো অধিক খেলুৱৈয়ে প’ৰ্টেলত নাম পঞ্জীয়ন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত মুঠ ৫,৭৩৪টা পদত নিযুক্তি দিয়া হ’ব। ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ ভিতৰত অসম আৰক্ষীত ২,৬৩৪টা, APRO ত ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাত ৪৮৯টা, বন বিভাগত ১,৩০৭টা, হোমগাৰ্ডত ৮২৭টা আৰু কাৰাগাৰ বিভাগত ১৯১টা পদ আছে।
ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে জনায় যে, ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ছেপ্টেম্বৰ মাহৰ ধন ২৮ অক্টোবৰত আৰু নৱেম্বৰ মাহৰ ধন ১০ নৱেম্বৰত হিতাধিকাৰীৰ একাউণ্টত সোমাব।
আনহাতে চৰকাৰী কৰ্মচাৰীৰ বাবে ‘স্বাগত সতীৰ্থ’ নামৰ নতুন প’ৰ্টেল মুকলি কৰা হ’ব। অহা ৭ ডিচেম্বৰত মুকলি হ’বলগীয়া এই প’ৰ্টেলৰ জৰিয়তে কৰ্মচাৰীসকলে পাৰস্পৰিক বদলিৰ সুবিধা ল’ব পাৰিব।