অমিত শ্বাহৰ বিৰোধীক কটাক্ষ, প্ৰতিবাদেৰে একো নহয়, পঞ্জাৱত পৰৱৰ্তী চৰকাৰ NDA-য়েহে গঠন কৰিব
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে বিৰোধী দল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ কয় যে প্ৰতিবাদ আৰু বিক্ষোভ কৰি একো লাভ নহ’ব আৰু পঞ্জাৱত পৰৱৰ্তী চৰকাৰ NDA-য়েহে গঠন কৰিব।
দিল্লীত যমুনা নদী পুনৰুজ্জীৱিতকৰণৰ বাবে ৮,৯৪১ কোটি টকাৰ ৪৩টা প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্বাহে এই মন্তব্য কৰে।
তেওঁ কয়, “যমুনা চাফা কৰাৰ পিছত ২০২৯ চনত বিজেপিয়ে ৰাইজৰ ওচৰত ভোট বিচাৰিব।”

বিৰোধীয়ে EVM ত কাৰচাজি আৰু ভোট চুৰিৰ অভিযোগ অনাক তীব্ৰ সমালোচনা কৰি শ্বাহে কয় যে, বহু ৰাজ্যত দশক দশক ধৰি ক্ষমতাৰ বাহিৰত থকাৰ পিছতো তেওঁলোকে একে অভিযোগ উত্থাপন কৰি আহিছে। কেৰালা, হিমাচল প্ৰদেশ আৰু তেলেংগানাত একেটা EVM আৰু একেটা নিৰ্বাচন আয়োগৰ অধীনতে বিৰোধীয়ে জিকিছিল বুলিও তেওঁ সোঁৱৰাই দিয়ে।
আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক নিশানা কৰি শ্বাহে কয়, “অজুহাতৰ ৰাজনীতিৰে আপ পঞ্জাৱত ৰক্ষা নপৰে।” পঞ্জাৱৰ ৰাইজে NDA চৰকাৰ বিচাৰে বুলি দাবী কৰি তেওঁ কয় যে অহা বিধানসভা নিৰ্বাচনত আপৰ শোচনীয় পৰাজয় হ’ব।
ইয়াৰ লগতে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে পঞ্জাৱত NDA চৰকাৰ গঠন হ’লেই ৰাজ্যখনৰ ড্ৰাগছৰ সমস্যা সম্পূৰ্ণৰূপে শেষ কৰা হ’ব।
যমুনা প্ৰদূষণৰ বাবে পূৰ্বৰ কংগ্ৰেছ আৰু আপ চৰকাৰক জগৰীয়া কৰি তেওঁ কয় যে তেওঁলোকৰ দিনত নলাৰ পানী যমুনাত এৰি দিয়া হৈছিল, কিন্তু বৰ্তমান বিজেপি চৰকাৰে সেয়া বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে।