Your Mic Your Voice

বিশ্বনাথৰ বৰগাং ঘাটত উখল-মাখল পৰিৱেশৰ মাজত দুৰ্গা বিসৰ্জন আৰু ৰাৱণ দহন সম্পন্ন

0

প্ৰতি বছৰৰ দৰে এই বছৰো বিশ্বনাথ ঘাট আৰু বৰগাং ঘাটত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী অনুষ্ঠিত হয়।

হাজাৰ হাজাৰ ভক্তই আনন্দ-উল্লাসেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন থলীলৈ আহে। ভক্তৰ ঢৌত উখল-মাখল হৈ পৰে ঘাটৰ পৰিৱেশ।

unimex

বিগত কেইবছৰ ধৰি বৰগাং ঘাটত প্ৰতিমা বিসৰ্জনৰ লগত সংগতি ৰাখি ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। এইবাৰ ৰাৱণ দহনৰ লগতে পইতাচোৰাৰ প্ৰতীকী দহনো কৰা হয়।

উক্ত বিসৰ্জন আৰু ৰাৱণ দহন কাৰ্যসূচীত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.

Translate »