ৰূপহীহাটত ব্যতিক্ৰমী বিজয়া দশমী: ৰাৱণৰ লগতে দাহন পইতাচোৰাৰ প্ৰতিকৃতি
ৰূপহীহাটত ব্যতিক্ৰমী বিজয়া দশমী: ৰাৱণৰ লগতে দাহন পইতাচোৰাৰ প্ৰতিক
বিজয়া দশমীৰ পৱিত্ৰ ক্ষণত ৰূপহীহাটৰ লাওখোৱাত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। পৰম্পৰাগত ৰাৱণ দাহনৰ লগতে এইবাৰ দাহন কৰা হ’ল পইতাচোৰাৰ প্ৰতিকৃতি।

নিজ লাওখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীয়ে এতিয়া সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা লাভ কৰিছে। ‘ক’কৰচ জনতা পাৰ্টী’ৰ আৰ্হিত নিৰ্মাণ কৰা পইতাচোৰাৰ এই প্ৰতিকৃতি দাহনে দৰ্শকৰ মাজত বিশেষ কৌতূহলৰ সৃষ্টি কৰে।
সমিতিৰ উদ্যোক্তাসকলে জনোৱা মতে, দেশত অশান্তি সৃষ্টি কৰা অশুভ শক্তিৰ বিনাশৰ প্ৰতীক হিচাপেহে পইতাচোৰাৰ প্ৰতিকৃতি দাহন কৰা হৈছে। ৰাৱণ দাহনৰ দৰেই এই অশুভ শক্তিৰো বিনাশ হ’ব লাগে, সেয়াই আছিল তেওঁলোকৰ মূল উদ্দেশ্য।
এই ব্যতিক্ৰমী পদক্ষেপে বিজয়া দশমীৰ অনুষ্ঠানত এক বিশেষ মাত্ৰা প্ৰদান কৰে। উক্ত কাৰ্যসূচীত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে আৰু ভক্তৰ উপস্থিতিত লাওখোৱাত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।