পইতাচোৰাৰ প্ৰতিকৃতি দহনক লৈ বিতৰ্ক: দিল্লী ৰামলীলা আয়োজকক ‘বিনামূলীয়া প্ৰচাৰ’ৰ বাবে ধন্যবাদ CJPৰ অভিজিৎ দীপকেৰ
দিল্লীৰ দশেৰা উদযাপনক কেন্দ্ৰ কৰি এক অভিনৱ বিতৰ্কৰ সৃষ্টি হৈছে। ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ লগতে এইবাৰ ৩০ ফুট ওখ পইতাচোৰাৰ (Cockroach) প্ৰতিকৃতি দহন কৰাৰ পৰিকল্পনা কৰিছে দিল্লীৰ পীতমপুৰাৰ শ্ৰী কেশৱ ৰামলীলা কমিটীয়ে।
এই ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে Cockroach Janata Party (CJP) ৰ প্ৰতিষ্ঠাতা অভিজিৎ দীপকে। X (পূৰ্বৰ Twitter) ত তেওঁ ব্যংগাত্মকভাৱে লিখিছে — “Thank you for the free publicity”অর্থাৎ বিনামূলীয়া প্ৰচাৰৰ বাবে ধন্যবাদ।
CJPৰ আইনী মুৰব্বী ৰত্না সিঙে এই পদক্ষেপক “তামাচা” বুলি অভিহিত কৰিছে।

শ্ৰী কেশৱ ৰামলীলা কমিটীৰ সভাপতি তথা BJP বিধায়ক অশোক গোৱেলে কয় যে এই সিদ্ধান্তৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। তেওঁৰ মতে, পইতাচোৰাই লেতেৰা আৰু মলিৰ প্ৰতীক। স্বচ্ছ ভাৰত আৰু স্বচ্ছ দিল্লী অভিযানৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা দিবলৈ এই প্ৰতিকৃতি জ্বলোৱা হ’ব। ই অসৎৰ ওপৰত সৎৰ বিজয়ৰ প্ৰতীক বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে যোৱা বছৰবোৰত তেওঁলোকে নক্সালবাদ, সন্ত্ৰাসবাদৰ দৰে বিষয়ৰ প্ৰতিকৃতিও দহন কৰিছিল।
CJP অৰ্থাৎ Cockroach Janata Party এই বছৰৰ মে’ মাহত অভিজিৎ দীপকে প্ৰতিষ্ঠা কৰা এটা ব্যংগাত্মক ৰাজনৈতিক দল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই নিবনুৱা যুৱকক “পইতাচোৰা” আৰু “সমাজৰ পৰজীৱী” বুলি কৰা মন্তব্যৰ পিছতে এই প্ৰতীকটোৱে যুৱ অসন্তুষ্টিৰ প্ৰতীক হিচাপে জনপ্ৰিয় হৈ পৰে।
শেহতীয়াকৈ CJPএ দিল্লীত প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে আৰু পিছলৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
৩০ ফুটীয়া পইতাচোৰাৰ প্ৰতিকৃতিৰ ভিডিঅ’ ANIএ প্ৰকাশ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে ধৰ্মীয় উৎসৱত সমসাময়িক ৰাজনীতি সোমোৱাটো উচিত নহয় বুলি প্ৰশ্ন তুলিছে।