Your Mic Your Voice

১ নৱেম্বৰৰ পৰা সলনি হ’ব চিআইএছএফৰ গাঁথনি, ভৌগোলিকৰ সলনি উদ্যোগভিত্তিক খণ্ড

0

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চিআইএছএফে এক বৃহৎ প্ৰশাসনিক সংস্কাৰৰ পথত আগবাঢ়িছে। অহা ১ নৱেম্বৰ ২০২৬ৰ পৰা বাহিনীটোৰ পৰিচালন আৰু প্ৰশাসনিক গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰা হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমোদন প্ৰদান কৰিছে।

এতিয়ালৈকে চিআইএছএফে ভৌগোলিক অঞ্চলৰ ভিত্তিত দায়িত্ব পালন কৰি আহিছিল। নতুন ব্যৱস্থাত ইয়াক উদ্যোগভিত্তিক খণ্ডত ভাগ কৰা হ’ব। অৰ্থাৎ বিদ্যুৎ, কয়লা, তীখা, পেট্ৰ’লিয়াম, বন্দৰ আদিৰ বাবে থাকিব সুকীয়া সুকীয়া বিশেষজ্ঞ খণ্ড।

unimex

নতুন গাঁথনি অনুসৰি, এনচিআৰ খণ্ডক চৰকাৰী ভৱন, সংগ্ৰহালয়, স্মাৰক আৰু মেট্ৰ’ সুৰক্ষা খণ্ড হিচাপে নতুন দিল্লীত মুখ্য কাৰ্যালয় থাকিব। দিল্লীৰ উত্তৰ খণ্ড আৰু কলকাতাৰ উত্তৰ-পূব খণ্ড-২ ক্ৰমে বিদ্যুৎ-১ আৰু বিদ্যুৎ-২ খণ্ড হ’ব। ৰাঁচীৰ পূব খণ্ড কয়লা খণ্ড, ভিলাইৰ কেন্দ্ৰীয় খণ্ড তীখা খণ্ডলৈ ৰূপান্তৰিত হ’ব। গুৱাহাটীৰ উত্তৰ-পূব খণ্ডক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ড হিচাপে গঢ়ি তোলা হ’ব। একেদৰে মুম্বাই আৰু চেন্নাইৰ খণ্ড দুটা পশ্চিম উপকূল আৰু পূব উপকূল বন্দৰ খণ্ড হ’ব।

চিআইএছএফে জনোৱা অনুসৰি, বাহিনীৰ দায়িত্ব এতিয়া কেৱল উদ্যোগৰ সুৰক্ষাতে সীমাবদ্ধ নহয়। আন্তঃৰাষ্ট্ৰীয় জাহাজ আৰু বন্দৰ সুৰক্ষা সংহিতাৰ অধীনত স্বীকৃত সুৰক্ষা সংস্থা, জম্মু-কাশ্মীৰৰ উচ্চ সুৰক্ষাযুক্ত কাৰাগাৰৰ সুৰক্ষা, দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ আকাশী সুৰক্ষা, চাইবাৰ সুৰক্ষা আৰু ড্ৰ’ন প্ৰতিৰোধী ব্যৱস্থাৰ দৰে নতুন প্ৰত্যাহ্বানৰ বাবে এই বিশেষজ্ঞ খণ্ডৰ প্ৰয়োজন হৈছে।

Leave A Reply

Your email address will not be published.

Translate »