GMCHত যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ! ভঙাগড় আৰক্ষীৰ জালত চিকিৎসক ঋষিকেশ অধিকাৰী
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী চিকিৎসকক আটক কৰা হৈছে। ধৃত চিকিৎসক গৰাকীৰ নাম ডাঃ ঋষিকেশ অধিকাৰী।
ভঙাগড় আৰক্ষীয়ে চিকিৎসক গৰাকীক আটক কৰিছে।

অভিযোগ অনুসৰি, ১৫ অক্টোবৰত এগৰাকী যুৱতী GMCHলৈ ৰিপ’ৰ্ট দেখুৱাবলৈ গৈছিল। সেই সময়তে নিজৰ কেবিনৰ ভিতৰত যুৱতী গৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ডাঃ অধিকাৰীৰ বিৰুদ্ধে।
ভুক্তভোগী যুৱতী গৰাকীয়ে চিকিৎসক গৰাকীৰ বিৰুদ্ধে গোপন অংগত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
এই সন্দৰ্ভত ভুক্তভোগীয়ে ভঙাগড় থানা আৰু মহিলা আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে ডাঃ ঋষিকেশ অধিকাৰীক আটক কৰে।