Your Mic Your Voice

ট্ৰাম্পে বিশ্বাসঘাতকতা কৰিলে! যুদ্ধবিৰতি ভংগ কৰি ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ভয়ংকৰ আক্ৰমণ

0

ইউক্ৰেইন-ৰাছিয়া যুদ্ধত পুনৰ ডাঙৰ মোৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা শক্তি-যুদ্ধবিৰতি ভংগ কৰি ইউক্ৰেইনে ৰাছিয়াৰ এটা ডাঙৰ তেল শোধনাগাৰত ড্ৰোন আক্ৰমণ চলাইছে।

ৰাছিয়াৰ ৰিয়াজান অঞ্চলত থকা এই শোধনাগাৰত বৃহস্পতিবাৰে পুৱা আক্ৰমণটো হয়, যি মস্কোৰ পৰা প্ৰায় ৩০০ কিমি দক্ষিণ-পূবে অৱস্থিত। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ৰিয়াজানৰ গৱৰ্ণৰ পাভেল মালকভে নিজেই এই অগ্নিকাণ্ডৰ কথা নিশ্চিত কৰিছে। এই শোধনাগাৰটো ৰাছিয়াৰ মুঠ উৎপাদনৰ প্ৰায় ৫% যোগান ধৰে।

জেলেনস্কিৰ বিস্ফোৰক মন্তব্য – “We are done”

Financial Times ক দিয়া এটা সাক্ষাৎকাৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয়, “ট্ৰাম্পে আমাক বিশ্বাসঘাতকতা কৰিছে”। তেওঁ কয় যে ট্ৰাম্পৰ আহ্বানত ইউক্ৰেইনে ৩ দিন আক্ৰমণ বন্ধ ৰাখিছিল, কিন্তু ৰাছিয়াই নিৰবিচ্ছিন্নভাৱে ইউক্ৰেইনৰ শক্তি কেন্দ্ৰত বোমাবৰ্ষণ কৰি আছে।

unimex

জেলেনস্কিৰ অভিযোগ, এই সময়ছোৱাত আমেৰিকাই ইউক্ৰেইনক পশ্চিমীয়া গোপন তথ্য আৰু Starlink যোগাযোগ ব্যৱস্থাৰ ব্যৱহাৰতো বাধা দিছে, যি সেনাৰ বাবে অতি জৰুৰী।

তেওঁ স্পষ্টকৈ কয় – “The block is out. We’re done” অৰ্থাৎ আৰু যুদ্ধবিৰতি নাই।

ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

ইফালে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভে ইউক্ৰেইনৰ এই আক্ৰমণক “ট্ৰাম্পৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বান” বুলি কৈছে। আনহাতে ট্ৰাম্পে Newsmax ক কৈছে যে এই আক্ৰমণ “লজ্জাজনক” আৰু জেলেনস্কিৰ সৈতে কাম কৰাটো পুটিনতকৈও কঠিন

Leave A Reply

Your email address will not be published.

Translate »