Your Mic Your Voice

ড্ৰাগছ মুক্ত অসমৰ দিশত ডাঙৰ পদক্ষেপ, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অভিনন্দন

0

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী লাগাতাৰ অভিযানক প্ৰশংসা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ নেটৱৰ্ক ভাঙি দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক তেওঁ অভিনন্দন জনায়।

শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানত ৯৪৫ জনক আটক কৰা হৈছে আৰু ৫৪৭ টা গোচৰ ৰুজু কৰা হৈছে। এই সময়ছোৱাত ১৮২ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে।

ইয়াৰ উপৰিও ৭০৩ টা ড্ৰাগছ হটস্পটৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে আৰু প্ৰায় ৩১ কোটি টকাৰ সম্পত্তি জব্দৰ প্ৰক্ৰিয়া চলি আছে।

প্ৰধানমন্ত্ৰীৰ নিচামুক্ত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত অসম আৰক্ষীয়ে কাম কৰি আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীয়ে কয় যে, মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ ভিজন ডকুমেণ্ট ২০২৬-২৯ এ ড্ৰাগছৰ নেটৱৰ্ক ধ্বংস কৰাৰ লগতে যুৱ প্ৰজন্মক সুৰক্ষিত কৰিব।

অসম আৰক্ষীৰ প্ৰধান সফলতাসমূহ:

১৮২ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ

unimex

৭৩ টা NBW কাৰ্যকৰী আৰু উত্তৰ-পূবৰ
১০ জন সহ ৪৭ জন পলাতকক গ্ৰেপ্তাৰ

৭০৩ টা হটস্পটত অভিযান

৩১ কোটি টকাৰ সম্পত্তি জব্দ/ফ্ৰীজৰ প্ৰক্ৰিয়া

PIT-NDPS আইনৰ অধীনত ১৫৭ টা প্ৰস্তাৱ

COTPA আইনৰ অধীনত ২,২২৯ টা অভিযান, ৩,৬৬২ টা দোকান পৰিদৰ্শন, ২,৯৪৩ খন শিক্ষানুষ্ঠানত সমীক্ষা

১,৩৪,৫৩৯ লিটাৰ অবৈধ সুৰা জব্দ

৬৩৩ টা সজাগতা কাৰ্যসূচীৰ জৰিয়তে ১,১২,৫৩২ জন লোকক সামৰি লোৱা হৈছে

Leave A Reply

Your email address will not be published.

Translate »