বৰপেটাৰোডৰ শিমলাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক
বৰপেটাৰোডৰ শিমলাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত এজন মটৰচাইকেল আৰোহী যুৱক গুৰুতৰভাৱে আহত হয়। তেওঁক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, এখন বাছে শিমলাগুৰিত বেক কৰি থকা অৱস্থাতে পিছফালৰ পৰা অহা ট্ৰাকে মটৰচাইকেলখনক খুন্দা মাৰে। ট্ৰাকৰ চেপাত যুৱকজন বেয়াকৈ আহত হয়।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ JK 02D 9108 আৰু বাইকখনৰ নম্বৰ AS 26 G 9383। আহত যুৱকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাৰ পিছতে ট্ৰাক চালক পলাতক। ঘটনাস্থলীত শিমলাগুৰি আৰু বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ক্ৰেইনৰ সহায়ত পথ মুকলি কৰাৰ ব্যৱস্থা কৰে।