পাকিস্তানত যাত্ৰীবাহী ৰেল লাইনচ্যুত, ৫ জনৰ মৃত্যু, ৩০ জন আহত
পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ মুলতানত আজি পুৱা এটা ডাঙৰ ৰেল দুৰ্ঘটনা সংঘটিত হয়। কৰাচীৰ পৰা পেছাৱাৰলৈ গৈ থকা ৰহমান বাবা এক্সপ্ৰেছ ৰেলখন মুলতানৰ শ্বেৰ শ্বাহ দলঙৰ ওচৰত লাইনচ্যুত হয়।
পুৱা প্ৰায় ৫:১৫ বজাত ৰেলখনৰ ১৪টা দবা লাইনৰ পৰা বাহিৰলৈ ওলাই যায়। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হয় আৰু ৩০ জনৰো অধিক লোক আহত হয়।

আহতসকলক মুলতানৰ নিষ্টাৰ হাস্পতাললৈ নিয়া হৈছে। উদ্ধাৰকাৰী দলে ১৩টা দবাৰ পৰা যাত্ৰীক উদ্ধাৰ কৰিছে। এতিয়াও এটা দবাত উদ্ধাৰ অভিযান চলি আছে।
প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ঘটনাত দুখ প্ৰকাশ কৰি আহতসকলক উত্তম চিকিৎসা দিবলৈ নিৰ্দেশ দিছে। ৰেল দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।