দিল্লীৰ নতুন প্ৰতিবাদস্থলী ৰামলীলা ময়দানত ৩ দিনহে খালী, ভাড়া ১.২১ লাখ
দিল্লীৰ যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে বাতিল কৰাৰ পাছত দিল্লী আৰক্ষী আয়ুক্তৰ ১১ অক্টোবৰৰ নিৰ্দেশত ৩টা নতুন স্থানক প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল – ৰামলীলা ময়দান, বুৰাৰী গ্ৰাউণ্ড আৰু পূব দিল্লীৰ চিবিডি গ্ৰাউণ্ড।
কিন্তু নতুনকৈ নিৰ্ধাৰণ কৰা ৰামলীলা ময়দানত প্ৰতিবাদ কৰাটো এতিয়া ব্যয়বহুল আৰু কঠিন হৈ পৰিছে। ১২ একৰৰ বিশাল ময়দানখনত ৫০,০০০ লোক একেলগে থাকিব পাৰে যদিও অহা আঢ়ৈ মাহলৈকে এটাও তাৰিখ খালী নাই।
বিভাগীয় সূত্ৰ অনুসৰি ২০২৬ বৰ্ষৰ বাবে মাত্ৰ ২৯, ৩০ আৰু ৩১ ডিচেম্বৰ এই ৩টা দিনহে বুকিঙৰ বাবে মুকলি আছে। বাকী সকলো তাৰিখ ৰামলীলা আৰু অন্য অনুষ্ঠানৰ বাবে বুক হৈ আছে।

ইয়াত প্ৰতিবাদ কৰিবলৈ এদিনৰ বাবে ৫০,০০০ টকা ভাড়া দিব লাগে। লগতে ৫৫,০০০ টকাৰ ঘূৰাই পাব পৰা জামানত দিব লাগে। কৰসহ মুঠ খৰচ পৰে ১.২১ লাখ টকা। এই বুকিং MCD ৰ Horticalture বিভাগৰ জৰিয়তে কৰা হয় আৰু তাৰ বাবে দিল্লী আৰক্ষীৰ NOC লোৱাটো বাধ্যতামূলক।
MCD ৰ বিষয়াই জনোৱা মতে ময়দানৰ এটা সৰু অংশ বিনামূলীয়াকৈ প্ৰতিবাদৰ বাবে ৰখা হৈছে যদিও তাত মাত্ৰ ১৫০ জন লোকহে থাকিব পাৰে। আগতে যন্তৰ-মন্তৰত এনে কোনো মাচুল দিব লগা হোৱা নাছিল।
সেয়ে এতিয়া বহু দলে ইয়াক সাধাৰণ মানুহে প্ৰতিবাদ কৰাৰ অধিকাৰৰ ওপৰত বাধা বুলি অভিযোগ কৰিছে।