Your Mic Your Voice

উজনিৰ বানপীড়িতৰ ক্ষতিপূৰণৰ দাবীত পুনৰ উত্তাল দিছপুৰ

0

উজনি অসমৰ বানপীড়িতৰ উচিত ক্ষতিপূৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰিল গুৱাহাটীৰ ৰাজপথ। একেৰাহে ১১ দিন ধৰি বিধানসভা চৌহদত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ অনশন চলি থকাৰ মাজতে ৰাইজৰ দল, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ যুটীয়া আন্দোলনে কঁপালে ৰাজধানী। অভিযোগ, ইমানৰ পিছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নিৰৱ দৰ্শকৰ ভূমিকাত।

শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানত সৰ্বস্ব হেৰুওৱা ৰাইজৰ ন্যায়ৰ দাবীত আজি চাৰিটাকৈ প্ৰতিবাদী কাৰ্যসূচীয়ে জোকাৰি গ’ল দিছপুৰ। “জয় আই অসম”, “বন্যার্তক ক্ষতিপূৰণ দিয়ক”, “১০ লাখ টকাৰ ক্ষতিপূৰণ লাগিবই”, “৫৫ হাজাৰ নহয় ২ লাখ পৰিয়ালক ক্ষতিপূৰণ দিয়ক”, “CBI তদন্ত লাগিবই” ধ্বনিৰে উত্তাল হ’ল পৰিৱেশ।

প্ৰতিবাদ ৰোধিবলৈ যোৱা ৮ অক্টোবৰতকৈও অধিক আৰক্ষী মোতায়েন কৰা হয়। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয়। অভিযোগ অনুসৰি ১১ অক্টোবৰত অখিল গগৈয়ে ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়াৰ পিছতে আৰক্ষীয়ে দমনমূলক অভিযান আৰম্ভ কৰে।

unimex

কৃষক মুক্তিৰ সভাপতি ৰাজুৰাজ বৰপাত্ৰ গোহাঁই, সম্পাদক বিদ্যুৎ শইকীয়া, নেতা শশী শেনচোৱা, যুৱ বাহিনীৰ সম্পাদক ৰুদ্ৰ ভূঞা, ৰাইজৰ দলৰ জিতুজ্যোতি গায়নকে ধৰি বহু নেতাক ঘৰে ঘৰে তালাচী চলাই আটক কৰা হয়। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ ৰে’ল ষ্টেচনত প্ৰতিবাদকাৰীক ৰখোৱা হয়, বাছো আহিবলৈ দিয়া নহ’ল।

ইমান বাধাৰ মাজতো শতাধিক প্ৰতিবাদকাৰী গুৱাহাটী পালেহি। শিৱসাগৰ আৰু ধেমাজিতো সমান্তৰাল আন্দোলন।

দুপৰীয়া ১২:৩০ বজাত মিনিষ্টাৰ কলনীৰ গেটত দুই শতাধিক প্ৰতিবাদকাৰীৰ আকস্মিক প্ৰৱেশ। হাতত ক’লা পতাকা আৰু বানত ধ্বংস হোৱা ঘৰৰ ফটো। ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰ, চিন্ময় বৰা, চিত্ৰ গগৈ, কৃষক মুক্তিৰ দেৱজিৎ বৰাৰ নেতৃত্বত বেৰিকেড ভাঙি ভিতৰলৈ সোমাবলৈ চেষ্টা।

তাতে আৰক্ষীৰে হতাহতি। এজন প্ৰতিবাদকাৰীৰ ওপৰত দহ-বাৰজন আৰক্ষী জঁপিয়াই পৰাৰ অভিযোগ। টানি-চোঁচৰাই আটক কৰে প্ৰতিবাদকাৰীক।

Leave A Reply

Your email address will not be published.

Translate »