Your Mic Your Voice

হিমাশ্ৰী কাণ্ডত ডাঙৰ পদক্ষেপ: অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ IGP, কি ক’লে মুখ্যমন্ত্ৰীয়ে?

0

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে আজি হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। পৰিয়ালবৰ্গক লগ ধৰি শোকৰ সমভাগী হয় মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল।

unimex

এই ঘটনাক লৈ পৰিয়াল আৰু স্থানীয় লোকৰ মনত থকা সন্দেহ দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈছে বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয় — তদন্তৰ বাবে এগৰাকী IGPৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হৈছে। আৰক্ষীয়ে প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ সকলো দিশৰ পৰা তদন্ত চলাই আছে।

লগতে তেওঁ কয়, যোৱা দুদিন পূৰ্বে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক তেওঁ পত্ৰ লিখিছিল। দুয়োগৰাকীৰে সৈতে তেওঁৰ পোনপটীয়াকৈ কথা হৈছে আৰু তদন্তত সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.

Translate »