Your Mic Your Voice

CEC বিৰোধী প্ৰতিবাদৰ শেহতীয়া খবৰ, ১০ অক্টোবৰ: আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ মাজতে দেওবাৰে পুনৰ প্ৰতিবাদৰ আহ্বান CJPৰ; প্ৰতিবাদকাৰীক তৎক্ষণাত মুকলি কৰি দিবলৈ দাবী UNHRCৰ

0

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ভোটাৰ তালিকাত অনিয়মৰ অভিযোগক লৈ শনিবাৰে দিল্লীত হোৱা বৃহৎ প্ৰতিবাদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। Gen-Z নেতৃত্বাধীন Cockroach Janta Party (CJP) আৰু কেইবাটাও বাওঁপন্থী সংগঠনে যন্তৰ-মন্তৰলৈ “চলো যন্তৰ-মন্তৰ” অভিযানৰ আহ্বান জনাইছিল।

দিল্লী আৰক্ষীয়ে প্ৰতিবাদৰ অনুমতি নিদি ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে। প্ৰতিবাদত অংশ ল’বলৈ বিমানবন্দৰত নামাৰ লগে লগে CJPৰ নেতা অভিজিৎ ডিপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰা হয়। এই প্ৰতিবাদত ৭,০০০ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰা হৈছে বুলি বাতৰি ওলাইছে। CJPৰ আইনী মূৰব্বী ৰত্না সিঙে জনাইছে যে তেওঁক পুৱা ৯ বজাৰ পৰা আটক কৰি ৰখা হৈছে।

আৰক্ষীৰ এই কঠোৰ ব্যৱস্থাৰ পিছতো CJP পিছুৱাই যোৱা নাই। সংগঠনৰ ৰাষ্ট্ৰীয় সাংগঠনিক দায়িত্বত থকা অজিংক্য শিন্দেই দেওবাৰে, ১১ অক্টোবৰত পুনৰ যন্তৰ-মন্তৰলৈ পদযাত্ৰাৰ আহ্বান জনাইছে। তেওঁ কয়, “CEC পদত্যাগ নকৰালৈকে আমি উভতি নাযাওঁ।” ইফালে কৰ্মী সোনম ৱাংচুকে সকীয়াই দিছে যে যদি আটকাধীন নেতাসকলক কাইলৈলৈ মুকলি কৰি নিদিয়ে, তেন্তে তেওঁ অনশন আৰম্ভ কৰিব।

unimex

এই ঘটনাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয় (UNHRC)ৰ মুখপাত্ৰ থামিন আল-খেতানে এক বিবৃতিত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, “আমি দিল্লীত আজিৰ বৃহৎ প্ৰতিবাদৰ আগতে আৰু প্ৰতিবাদ চলি থকাৰ সময়ত প্ৰতিবাদকাৰী, প্ৰতিবাদৰ নেতা, নাগৰিক সমাজৰ সদস্য, অধিবক্তা আৰু সাংবাদিকক ব্যাপক হাৰত আটক কৰাৰ বাতৰিত উদ্বিগ্ন।”

ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰক শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰক সন্মান কৰিবলৈ আৰু অন্যায়ভাৱে আটক কৰা সকলোকে তৎক্ষণাত আৰু চৰ্তহীনভাৱে মুকলি কৰি দিবলৈ দাবী জনাইছে। লগতে আইন-শৃংখলা বাহিনীক সংযম ৰক্ষা কৰিবলৈ আৰু প্ৰতিবাদকাৰীৰ সৈতে অৰ্থপূৰ্ণ আলোচনাত বহিবলৈ আহ্বান জনাইছে।

আনহাতে ভাৰত চৰকাৰে UNHRCৰ এই বিবৃতিক “ভিত্তিহীন” আৰু “ভাৰতৰ আভ্যন্তৰীণ বিষয়ত অবাঞ্ছিত হস্তক্ষেপ” বুলি অভিহিত কৰি প্ৰত্যাখ্যান কৰিছে। নিৰ্বাচন আয়োগ আৰু বিজেপিয়ে ভোটাৰ তালিকা বিকৃত কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »