CJP ৰ ৩ শীৰ্ষ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক
যিকোনো মূল্যতে চিজেপিৰ প্ৰতিবাদ বাধা দিবলৈ একচন মুডত দিল্লী আৰক্ষী। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ লগে লগে ভিতৰত সোমাই আৰক্ষীয়ে আটক কৰে চিজেপিৰ তিনিজন শীৰ্ষ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক।
তেওঁলোক আজি যন্তৰ মন্তৰত হ’বলগীয়া বৃহৎ প্ৰতিবাদী সমাৱেশত যোগ দিবলৈ দিল্লীলৈ আহিছিল। বিমানৰ ভিতৰতে আৰক্ষীয়ে নেতা তিনিজনক আটক কৰাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, যাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে, ইয়াৰ আগতে আজি পুৱা বিদেশৰ পৰা প্ৰতিবাদত অংশ ল’বলৈ অহা ধ্ৰুৱ ৰাথীক গুৰুগ্ৰামৰ ছেক্টৰ ৫৬-ত থকা পিতৃ-মাতৃৰ বাসগৃহৰ পৰাই দিল্লী আৰু হাৰিয়ানা আৰক্ষীয়ে যুটীয়াভাৱে আটক কৰে। বৰ্তমান ধ্ৰুৱ ৰাথীৰ গুৰুগাওঁৰ বাসগৃহৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।
উল্লেখযোগ্য যে SIR প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চিজেপিয়ে আজি যন্তৰ মন্তৰত প্ৰতিবাদৰ ডাক দিছিল। দিল্লীত ভৰি দিয়াৰ পূৰ্বেই তেওঁলোকক আটক কৰা হয়। ঘটনাক লৈ চিজেপিয়ে বিমানৰ ভিতৰৰ পৰাই সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে। এই আটকৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
ইফালে প্ৰতিবাদকাৰীক ৰোধিবলৈ প্ৰশাসনে দিল্লীমুখী ২৫০ খন ৰে’ল বাতিল কৰিছে, ৪৫ টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিছে। শুকুৰবাৰে নিশাৰ পৰা ৰে’ল আৰু পথেৰে দিল্লী প্ৰৱেশত কটকটীয়া নিয়ন্ত্ৰণ আৰোপ কৰা হৈছে। যন্তৰ মন্তৰৰ ৪ কিলোমিটাৰ এলেকাৰ ভিতৰত নিশা ১০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে। উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ সৈতে থকা দিল্লীৰ সকলো সীমান্তত বেৰিকেড দিয়া হৈছে। গুৰুগ্ৰাম, ফৰিদাবাদ, পানীপত, গাজিয়াবাদ আৰু নয়দাৰ পৰা দিল্লী সোমোৱা প্ৰতিটো প্ৰৱেশ পথতে আৰক্ষী মোতায়েন কৰা হৈছে।