জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদ, দিল্লীলৈ অহাৰ পূৰ্বে গুৰুগ্ৰামত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী
নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত হ’বলগীয়া চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে আৰক্ষীৰ বৰ্বৰ অভিযান। প্ৰতিবাদত অংশ লবলৈ ভাৰতলৈ অহা জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীক দিল্লীলৈ অহাৰ পূৰ্বে গুৰুগ্ৰামৰ বাসগৃহৰ পৰা জিম্মাত লৈছে দিল্লী আৰক্ষীয়ে।
প্ৰাপ্ত খবৰ অনুসৰি, হাৰিয়ানাৰ গুৰুগ্ৰামৰ ছেক্টৰ-৫৬ ত থকা ৰাথীৰ বাসগৃহৰ সন্মুখত শুকুৰবাৰে নিশাৰ পৰাই ৫০ জনীয়া আৰক্ষীৰ দল সষ্টম হৈ আছিল। শনিবাৰে পুৱা প্ৰায় ৭:৪৮ বজাত তেওঁৰ মাতৃয়ে দৰজা খোলাৰ লগে লগে আৰক্ষীৰ দলটো ভিতৰত প্ৰৱেশ কৰি ইউটিউবাৰগৰাকীক জিম্মাত লয়।

উল্লেখ্য যে, জ্ঞানেশ কুমাৰৰ কাম-কাজক লৈ দীৰ্ঘদিন ধৰি সৰৱ আছিল ধ্ৰুৱ ৰাথী। ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) আৰু Form-6 ক লৈ হোৱা বিতৰ্কক লৈ তেওঁ বাৰম্বাৰ মোডী চৰকাৰক সমালোচনা কৰি আহিছে। মোডী চৰকাৰৰ বিৰুদ্ধেও প্ৰায়ে সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰাথী জাৰ্মানীৰ পৰা কেৱল এই প্ৰতিবাদত অংশ লবৰ বাবেই ভাৰতলৈ আহিছিল বুলি দাবী কৰা হৈছে।
ইফালে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ প্ৰতিবাদৰ অনুমতি নাকচ কৰি ৰাজধানীজুৰি ২৩ হাজাৰতকৈ অধিক সুৰক্ষা কৰ্মী মোতায়েন কৰিছে।