Your Mic Your Voice

৭.৬ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল পানামা, চুনামিৰ সতৰ্কবাণী জাৰি

0

শুকুৰবাৰে বিয়লি এক শক্তিশালী ভূমিকম্পই পানামা কঁপাই যায়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা (USGS) ৰ তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.৬, যিটো পিছত ৭.৭ লৈ সংশোধন কৰা হয়।

USGS-এ জনোৱা অনুসৰি, ভূমিকম্পটোৰ কেন্দ্ৰ আছিল মধ্য পানামাৰ হেৰেৰা প্ৰদেশৰ পিটাল’জা আৰিবা নামৰ এখন দুৰ্গম অঞ্চলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত। ভূমিৰ মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত এই কম্পনৰ সৃষ্টি হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ অধিক শক্তিশালী আছিল।

এই মূল ভূমিকম্পটোৰ কিছু সময় পিছতে ৬.৬ প্ৰাবল্যৰ আন এক ভূমিকম্পও অনুভূত হয়। এতিয়ালৈকে ৮০ টাতকৈও অধিক সৰু-বৰ আফটাৰশ্বকে জোকাৰি গৈছে দেশখন।

unimex

ৰাজধানী পানামা চিটিত থকা ওখ অট্টালিকাবোৰ কঁপি উঠাত আতংকিত লোকসকলে ৰাস্তালৈ ওলাই আহে। চুবুৰীয়া দেশ কলম্বিয়া আৰু কষ্টাৰিকাতো এই কম্পন অনুভূত হয়।

পানামাৰ ৰাষ্ট্ৰীয় অসামৰিক সুৰক্ষা সেৱাই জনোৱা অনুসৰি, আটাইতকৈ বেছি ক্ষতি হৈছে মধ্য প্ৰদেশ ভেৰাগুৱাছ, হেৰেৰা, লছ ছাণ্টোছ আৰু কোকলেত। পেনোনোমেৰ এটা কেথলিক গীৰ্জা ভাঙি পৰা আৰু এখন হোটেলৰ সন্মুখভাগ খহি গাড়ীৰ ওপৰত পৰাৰ দৃশ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰপতি হ’জে ৰাউল মুলিনোৱে কিছুমান পথ সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি জানিবলৈ দিয়ে। সৌভাগ্যক্ৰমে এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।

ভূমিকম্পৰ পিছতে আমেৰিকাৰ চুনামি সতৰ্কবাণী কেন্দ্ৰই পানামা, কলম্বিয়া, ইকুৱেডৰ, নিকাৰাগুৱা আৰু গুৱাটেমালাৰ উপকূলৰ বাবে চুনামিৰ সতৰ্কবাণী জাৰি কৰে। পানামাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত ৩ ৰ পৰা ৯ ফুটলৈকে ঢৌ উঠাৰ আশংকা কৰা হৈছিল। পিছে এতিয়া সেই সতৰ্কবাণী উঠাই লোৱা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »