ইতিহাস! শান্তিৰ নোবেল বঁটা ভাৰতীয় বংশোদ্ভৱ নৱনেথম পিল্লাইলৈ
২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা। ভাৰতীয় বংশোদ্ভৱ তথা দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট আইনজ্ঞ নৱনেথম ‘নৱী’ পিল্লাইলৈ এইবাৰৰ সন্মানীয় বঁটা আগবঢ়োৱা হৈছে। শুকুৰবাৰে নৰৱেৰ নোবেল কমিটীয়ে এই কথা ঘোষণা কৰে।
নোবেল কমিটীয়ে জনোৱা মতে, ‘শান্তি আৰু আন্তৰ্জাতিক আইন প্ৰতিষ্ঠাৰ বাবে কৰা অহৰহ প্ৰচেষ্টা’ৰ বাবে তেওঁক এই বঁটা দিয়া হৈছে। ৮৫ বছৰীয়া পিল্লাই যুদ্ধাপৰাধ, মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ বিচাৰ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
১৯৪১ চনৰ ২৩ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ নাটাল প্ৰদেশৰ ডাৰবানত এটা তামিল পৰিয়ালত তেওঁৰ জন্ম হৈছিল। বৰ্ণবৈষম্যৰ মাজতে ডাঙৰ হোৱা পিল্লাই ১৯৬৭ চনত নাটালত প্ৰথমগৰাকী মহিলা হিচাপে আইনৰ প্ৰেকটিছ আৰম্ভ কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অ-শ্বেতাংগ মহিলা ন্যায়াধীশ।

তেওঁ নেলছন মেণ্ডেলাকে ধৰি বৰ্ণবৈষম্য বিৰোধী আন্দোলনকাৰীক আইনী সহায় আগবঢ়াইছিল। পিছলৈ তেওঁ ৰোৱাণ্ডাৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণ, আন্তৰ্জাতিক অপৰাধ আদালত (ICC)ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৮ৰ পৰা ২০১৪লৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত আছিল।
যোৱা বছৰ গাজাত ইজৰাইলে গণহত্যা সংঘটিত কৰা বুলি ৰাষ্ট্ৰসংঘৰ তদন্ত আয়োগৰ প্ৰতিবেদন তেওঁৰ নেতৃত্বতে প্ৰকাশ পাইছিল।
১২ মিলিয়ন ছুইডিছ ক্ৰোনাৰৰ (প্ৰায় ১.২ মিলিয়ন ডলাৰ) এই বঁটা অহা ১০ ডিচেম্বৰত অচলোত প্ৰদান কৰা হ’ব।