বহিঃৰাজ্যত হিমাশ্ৰীৰ কৰুণ মৃত্যুঃ ৰে’লমন্ত্ৰী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ
গুৱাহাটীৰ বি.বৰুৱা কলেজৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে। বিশাখাপট্টনমৰ পৰা ঘৰলৈ উভতি অহাৰ পথত বিবেক এক্সপ্ৰেছত সংঘটিত এই ঘটনাৰ উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
জানিব পৰা মতে, যোৱা ১৩ আগষ্টত ‘SBJ Dance Event’ ত অংশ লবলৈ ১০ জনীয়া দলৰ সৈতে হিমাশ্ৰী বিশাখাপট্টনমলৈ গৈছিল। ৯ অক্টোবৰত SBI পৰীক্ষা থকা বাবে ৫ অক্টোবৰত তেওঁ ঘৰলৈ উভতি আহিবলৈ ওলাইছিল। প্ৰথম ৰে’লখন ধৰিব নোৱাৰাত বিবেক এক্সপ্ৰেছৰ সাধাৰণ ডবাত উঠে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ৬ অক্টোবৰৰ নিশা ১:৩০ বজালৈকে পৰিয়ালৰ সৈতে যোগাযোগত আছিল হিমাশ্ৰী। তেওঁ শেষ বাৰ্তাত লিখিছিল – ‘ভয় লাগিছে, বহুত ল’ৰা আছে’। নিশা ২:৩৯ বজাত বান্ধৱী জ্যোতি চৌধুৰীক ফোন কৰি কেইজনমান যুৱকে বেৰি ধৰি অপ্ৰীতিকৰ আচৰণ কৰা বুলি জনায়।
বান্ধৱীয়ে তৎক্ষণাৎ ৰে’লৱে হেল্পলাইন ১৩৯ ত ফোন কৰি সহায় বিচাৰিছিল যদিও কোনো ৰে’ল কৰ্মীয়ে খবৰ লবলৈ নাহিল বুলি অভিযোগ উঠিছে। পিছদিনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ টেক্কালিৰ ওচৰত ৰে’লপথৰ কাষত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মুখ্যমন্ত্ৰীয়ে।