পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সেৱা সংকল্প অভিযানৰ অধীনত বক্তৃতা প্ৰতিযোগিতা
সেৱা সংকল্প অভিযান ২০২৬ৰ অংশ হিচাপে আজি পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে কেইবাটাও শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু সেৱা সংকল্প অভিযানৰ তাৎপৰ্য সন্দৰ্ভত সাৱলীল বক্তব্য ৰাখে।
অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এনে প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক সজাগতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বক্তৃতা প্ৰদানৰ দক্ষতা বিকাশত সহায় কৰিব বুলি উদ্যোক্তাসকলে মন্তব্য কৰে।