যোৰহাটত হনীট্ৰেপিঙৰ বৃহৎ চক্ৰ উৎখাত, ৫ জন গ্ৰেপ্তাৰ
যোৰহাটত এটা হনীট্ৰেপিঙৰ বৃহৎ চক্ৰক উৎখাত কৰিছে আৰক্ষীয়ে। এগৰাকী বেংক বিষয়াক হনীট্ৰেপিঙৰ জালত পেলোৱাৰ অভিযোগত তিনিজন যুৱক আৰু দুগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ মতে, ইনষ্টাগ্ৰামৰ জৰিয়তে যোৰহাটৰ যুৱতীগৰাকীয়ে তিনিচুকীয়াৰ বেংক বিষয়াজনৰ সৈতে বন্ধুত্ব কৰিছিল। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায়। যোৱা জুলাই মাহত যুৱতীগৰাকীক লগ কৰিবলৈ বিষয়াজন যোৰহাটলৈ আহিছিল।

দুয়ো ভাড়াঘৰৰ এটা কোঠাত থকা অৱস্থাত হঠাৎ দুজন যুৱক সোমাই আহে আৰু তেওঁলোকৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰে। তাৰ পিছতে আৰম্ভ হয় ব্লেকমেইলিং।
অভিযুক্তই প্ৰথমে ২ লাখ টকা আৰু পিছত পুনৰ ১ লাখ টকা আদায় কৰে। অৱশেষত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ দলটোকে আটক কৰিবলৈ সক্ষম হয়।