গুৱাহাটী দিশপুৰৰ জলসিঞ্চন বিভাগত মন্ত্ৰী পীযুষ হাজৰীকাৰ হঠাৎ আকস্মিক পৰিদৰ্শন
বুধবাৰে পুৱাৰ ভাগতে দিছপুৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা।
কাৰ্যালয় খোলাৰ সময়তে তাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে দেখা পায় এক আজৱ দৃশ্য। নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো বহু বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হোৱা নাই।

এই দৃশ্য দেখি ক্ষোভত ফাটি পৰে মন্ত্ৰী হাজৰিকা। ততালিকে কার্যালয়ত উপস্থিত থকা কৰ্মচাৰীসকলক মাতি আনি কোন কোন অনুপস্থিত তাৰ তালিকা বিচাৰে। কোন ছুটীত আছে আৰু কোন বিনা কাৰণত অহা নাই, তাৰ সম্পূৰ্ণ বিৱৰণ তলব কৰে মন্ত্ৰীগৰাকীয়ে।
আনকি হাজিৰা বহী উলিয়াই নাম ধৰি ধৰি মাতে মন্ত্ৰীয়ে – জিতেন সিনহা ক’ত? জোনমণি পাটৰ ক’ত? চাৰু দাস ক’ত? তেওঁলোক ছুটীত আছে নেকি? যদি ছুটীত আছে তেন্তে কথা বেলেগ, কিন্তু বিনা কাৰণত অহা নাই যদি কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে।
ইফালে কাৰ্যালয়টোৰ প্ৰতিটো মহলাতে ঘূৰি ঘূৰি পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। আনকি শৌচালয়ৰ বেচিন পর্যন্ত পৰীক্ষা কৰি অসন্তুষ্টি প্রকাশ কৰে। তামোল-পাণ খাই কৰ্মচাৰীসকলে অনাময় ব্যৱস্থা কেনেদৰে লেতেৰা কৰিছে, সেই দৃশ্যও সামাজিক মাধ্যমত ৰাজহুৱা কৰে মন্ত্ৰী হাজৰিকাই।