USTMত সৰ্বভাৰতীয় আইন স্নাতক সন্মিলন ২০২৬ৰ শুভাৰম্ভ
মেঘালয়: ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ত আজি শুভাৰম্ভ হয় সৰ্বভাৰতীয় আইন স্নাতক সন্মিলন ২০২৬। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০খন মহাবিদ্যালয়ৰ আইন স্নাতক, আইন শিক্ষাবিদ, আইনজীৱী, প্ৰতিনিধি আৰু বিশিষ্ট অতিথিৰ অংশগ্ৰহণেৰে USTMৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠান।
আইন শিক্ষা আৰু আইন বৃত্তিৰ সৈতে জড়িত বিভিন্ন সমসাময়িক বিষয়ত আলোচনা আৰু মত-বিনিময়ৰ বাবে সন্মিলনখনে এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে।
সন্মিলনৰ অংশ হিচাপে মুট ক’ৰ্ট প্ৰতিযোগিতা, জাজমেণ্ট ৰাইটিং প্ৰতিযোগিতা, তাৎক্ষণিক বক্তৃতা, আইন কুইজ, তৰ্ক প্ৰতিযোগিতা আৰু অপৰাধস্থলী অনুসন্ধান প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আয়োজকসকলৰ মতে, এইবাৰৰ মুট ক’ৰ্ট প্ৰতিযোগিতাখন এতিয়ালৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ ভিতৰত তৃতীয় আৰু সৰ্ববৃহৎ।

উদ্বোধনী অনুষ্ঠানত মেঘালয় চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন, গৃহ (অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী) আৰু আবকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী ব্ৰেনিং এ. চাংমা, মেঘালয় ৰাজ্যিক বাৰ কাউন্সিলৰ অধ্যক্ষ এছ. পি. মহন্ত, USTMৰ উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মা, অধ্যাপক এমেৰিটাছ সুব্ৰহ্ম ৰাজখোৱা, USTMৰ উপ-উপাচাৰ্য পদ্মশ্ৰী ড° সৰ্বেশ্বৰ চহৰিয়া, P.A. Sangma International Medical College & Hospitalৰ চিকিৎসা প্ৰশাসন সঞ্চালক অধ্যাপক (ড°) এ. চি. কাটাকী, USTMৰ University School of Law and Researchৰ ডীন ড° অনুৰেখা গোস্বামী আৰু সমাজকৰ্মী তথা Datamationৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন আগৰৱালা উপস্থিত থাকে।
সন্মিলনখনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০খন মহাবিদ্যালয়ৰ অংশগ্ৰহণে ইয়াক এক ৰাষ্ট্ৰীয় পৰিসৰ প্ৰদান কৰিছে। অংশগ্ৰহণকাৰীসকলে বিশিষ্ট আইনজীৱী, আইন শিক্ষাবিদ আৰু নীতি-নিৰ্ধাৰকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে আইন বৃত্তিৰ সমসাময়িক বিষয়, নতুন সুযোগ আৰু প্ৰত্যাহ্বান সন্দৰ্ভতো আলোচনা কৰাৰ সুযোগ লাভ কৰিব।
২৬ ছেপ্টেম্বৰ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি. আৰ. গাভাই, মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰেৱতী মোহিতে ডেৰেসহ কেইবাগৰাকীও বিশিষ্ট আইনজ্ঞ উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিছে।
উল্লেখযোগ্য যে, ২০১১ চনত প্ৰতিষ্ঠা হোৱা USTM উত্তৰ-পূব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এখন আগশাৰীৰ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে পৰিচিত।