Your Mic Your Voice

দেওবাৰেও খোলা থাকিব বেংক, গ্ৰাহকৰ সুবিধাৰ বাবে এই সিদ্ধান্ত

0

বেংক ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ বেংকিং সেৱা অব্যাহত ৰখাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অহা ২৭ ছেপ্টেম্বৰ, দেওবাৰে দেশৰ সকলো ৰাজহুৱা খণ্ডৰ বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক স্বাভাৱিকভাৱে খোলা থাকিব।

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছ (UFBU)-এ ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া দেশজোৰা বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে ২৬ আৰু ২৭ ছেপ্টেম্বৰ শনিবাৰ আৰু দেওবাৰৰ বন্ধ থকাৰ বাবে একেৰাহে কেইবাদিন ধৰি বেংকিং সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছিল। গ্ৰাহকৰ দৈনন্দিন বেংকিং প্ৰয়োজনীয়তা যাতে ইয়াৰ ফলত অধিক সময়ৰ বাবে প্ৰভাৱিত নহয়, তাৰ বাবে দেওবাৰে বেংক খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

unimex

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২৭ ছেপ্টেম্বৰত সকলো বেংকৰ শাখা, কাৰ্যালয়, ATM-সংযুক্ত শাখা সম্পূৰ্ণৰূপে কাৰ্যক্ষম ৰখাৰ অনুমোদন জনাইছে।

চৰকাৰৰ মতে, বেংক গ্ৰাহকৰ সুবিধা আৰু কল্যাণক অগ্ৰাধিকাৰ দি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একে সময়তে কেন্দ্ৰীয় চৰকাৰ আৰু বেংক পৰিচালনাসমূহে সংশ্লিষ্ট ইউনিয়নসমূহক প্ৰস্তাৱিত ধৰ্মঘট স্থগিত ৰখাৰ বাবেও আহ্বান জনাইছে।

ইফালে ধৰ্মঘটৰ সময়ছোৱাতো অত্যাৱশ্যকীয় বেংকিং সেৱা যাতে অব্যাহত থাকে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »