হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু
হোজাই: হোজাই জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হয়।

জানিব পৰা মতে, হাবাইপুৰ আৰু লামচাগান ৰে’ল ষ্টেচনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। বনৰীয়া হাতীটোৱে ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এখন দ্ৰুতবেগী ৰে’লে তাক খুন্দা মাৰে। ৰে’লৰ খুন্দাত হাতীটোৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ঘটনাস্থলীতে ইয়াৰ মৃত্যু হয়।
এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, খাদ্যৰ সন্ধানত প্ৰায়েই বনাঞ্চলৰ পৰা হাতীৰ জাক ওলাই আহে, যাৰ ফলত এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পায়। বৰ্তমানলৈকে বন বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।