আশীৰ দশকলৈ উভতিল অসম
গুৱাহাটী: সময় যেন আকৌ ৪০ বছৰ পিছুৱাই গ’ল। চুলি আশীৰ দশকৰ, পোছাকো সেই সময়ৰ, চকুত ৰেট্ৰ’ ছানগ্লাছ আৰু ফটোৰ পটভূমি-প’জতো দেখা গ’ল পুৰণি দিনৰ আমেজ। অৱশ্যে এইয়া কোনো পুৰণি ফটোৰ এলবাম নহয়। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI-ৰ সহায়ত বৰ্তমানৰ ফটোক ১৯৮০ৰ দশকৰ ৰূপ দিয়াৰ ভাইৰেল ট্ৰেণ্ডত এইবাৰ অংশ লৈছে অসমৰ ৰাজনীতিকসকলেও।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ছ’চিয়েল মিডিয়া পেজতো দেখা গৈছে এই ৰেট্ৰ’ ৰূপ। আধুনিক ফটোক AI-ৰ জৰিয়তে ৮০ৰ দশকৰ ফেশ্বন, চুলি, ফটোগ্ৰাফী আৰু ষ্টুডিঅ’ ষ্টাইলত ৰূপান্তৰ কৰা হৈছে।
দেশজুৰি চৰ্চিত এই ট্ৰেণ্ডৰ পৰা আঁতৰি নাথাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ পাছতে অসমৰ ৰাজনৈতিক মহলতো ৮০ৰ দশকৰ লুকক লৈ চৰ্চা আৰম্ভ হয়।
AI-নিৰ্মিত ছবিসমূহত কেৱল পুৰণি ফিল্টাৰ ব্যৱহাৰ কৰা হোৱা নাই। ব্যক্তিগৰাকীৰ চিনাক্ত কৰিব পৰা মুখমণ্ডলৰ বৈশিষ্ট্য অটুট ৰাখি চুলি, পোছাক, ছানগ্লাছ, প’জ, পটভূমি আৰু পোহৰৰ ধৰণ সলনি কৰি ছবিখনক ৮০ৰ দশকৰ ফটোৰ দৰে কৰি তোলা হৈছে।
কেতিয়াবা ছবিবোৰত দেখা গৈছে পুৰণি ষ্টুডিঅ’ৰ পটভূমি, কেতিয়াবা গাড়ীৰ কাষত ৰেট্ৰ’ প’জ। ফটোৰ ওপৰত ব্যৱহাৰ কৰা grain, faded texture আৰু warm tone-য়েও ছবিসমূহক পুৰণি ফিল্ম কেমেৰাত তোলা ফটোৰ দৰে কৰি তুলিছে।
অসমৰ ৰাজনীতিকসকলৰ উপৰি ৰাষ্ট্ৰীয় ৰাজনীতিতো এই AI ট্ৰেণ্ডে ব্যাপক চৰ্চা লাভ কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে ৮০ৰ দশকৰ ৰূপত AI-নিৰ্মিত ছবি শ্বেয়াৰ কৰি “Vibing to the 80s trend” বুলি মন্তব্য কৰিছে।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও এই ট্ৰেণ্ডত অংশ লৈছে। তেওঁৰ ছবিত ৰেট্ৰ’ পোছাক, ছানগ্লাছ আৰু গাড়ীৰ সৈতে ৮০ৰ দশকৰ এক বিশেষ লুক ফুটাই তোলা হৈছে।
এই ট্ৰেণ্ডৰ মূল বিশেষত্ব হৈছে—এখন সাধাৰণ বৰ্তমানৰ ফটো বা চেলফিক AI টুলৰ সহায়ত সম্পূৰ্ণ বেলেগ সময়ৰ ফটোৰ ৰূপ দিয়া। ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট prompt দি নিজৰ পছন্দৰ দশক, পোছাক, চুলি, পটভূমি আৰু ফটোগ্ৰাফীৰ ষ্টাইল নিৰ্ধাৰণ কৰিব পাৰে।
বিশেষকৈ ভাৰতীয় ৮০ৰ দশকৰ ৰূপ দিবলৈ ডাঙৰ চুলি, ডাঙৰ কলাৰৰ চাৰ্ট, high-waisted trousers, ৰেট্ৰ’ ছানগ্লাছ, ৰঙীন পোছাক আৰু পুৰণি ষ্টুডিঅ’ পটভূমি ব্যৱহাৰ কৰা হৈছে।
এসময়ত যি ধৰণৰ ছবি ষ্টুডিঅ’ত গৈ তোলা হৈছিল, এতিয়া সেই একে আমেজ AI-ৰ সহায়ত কেইমিনিটমানতে সৃষ্টি কৰিব পৰা গৈছে। ফলত সাধাৰণ ব্যৱহাৰকাৰীৰ পৰা আৰম্ভ কৰি অভিনেতা, তাৰকা আৰু ৰাজনীতিকলৈকে বহু লোক এই ট্ৰেণ্ডত অংশ লৈছে।
অসমৰ ৰাজনীতিকসকলৰ ৮০ৰ দশকৰ এই AI ৰূপে ছ’চিয়েল মিডিয়াতো লাভ কৰিছে বিশেষ চৰ্চা। বাস্তৱত সময় ৪০ বছৰ পিছুৱাই যোৱা নাই, কিন্তু AI-ৰ জৰিয়তে ৮০ৰ দশকৰ নষ্টালজিয়া যেন আকৌ এবাৰ উভতি আহিছে অসমৰ ৰাজনীতিত।