Your Mic Your Voice

মাখানা উৎপাদনৰ ক্ষেত্ৰত অসমক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব: কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকা

0

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি কৃষি বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা এখন আয়োজিত কৰা হয়। এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা। এই কৰ্মশালাত অংশ লৈ তেওঁ ৰাজ্যৰ কৃষি খণ্ডৰ সৱলীকৰণৰ বাবে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষি উদ্যোগী আৰু কৃষকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে

unimex

তেওঁ কয় যে, অসমৰ কৃষকসকলে কেৱল উৎপাদনত সীমাবদ্ধ নাথাকি অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰিব লাগে। লগতে ধানখেতি কৰাৰ পিছত কৃষিৰ মাটি অব্যৱহৃত হিচাপে পেলাই নাৰাখি তাত ষ্ট্ৰবেৰী খেতি কৰি প্ৰতি বিঘাত প্ৰায় ২.৫০ লাখ টকা উপাৰ্জন কৰিব পৰা যায় বুলি উল্লেখ কৰে।

লগতে অসমক ‘মাখানা’ উৎপাদনৰ মুখ্য হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও তেওঁ কয়।

Leave A Reply

Your email address will not be published.

Translate »