মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ ক্ষোভিত মটৰ-শ্ৰমিক সংগঠনৰ
পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মেঘালয় সীমান্ত । বুধবাৰৰ দিনা মেঘালয়ত খাচী ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উলিয়াইছিল প্ৰতিবাদী সমদল । এই সমদলৰ সময়তে অসমৰ একাংশ চালক-লোকক আক্ৰমণ কৰাৰ পাচতেই জাঙুৰ খাই উছিছে অসমৰ বিভিন্ন মটৰ-শ্ৰমিক সংগঠন । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পুৱাৰে পৰা স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম-মেঘালয় সীমান্ত অৰ্থাৎ খানাপাৰা, যোৰাবাটত ৰাজ্যৰ চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
জানিব পৰা মতে, মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে আৰু আজি পুৱাৰে পৰা অসমৰ প্ৰতিবাদী মটৰ-শ্ৰমিক সংগঠনবোৰে চুবুৰীয়া ৰাজ্যখনৰ পৰ্যটকৰ অথবা কোনো বাণিজ্যিক বাহনকে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই । তদুপৰি প্ৰতিবাদকাৰী সংস্থাবোৰে অসমৰ লোকক সদ্যহতে মেঘালয় ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈও আহ্বান জনাইছে ।

উল্লেখ্য যে, মেঘালয়ৰ খাছি পাহাৰ অঞ্চলৰ এটা প্ৰধান আৰু প্ৰভাৱশালী ছাত্ৰ সংগঠন KSU য়ে পাঁচ দফীয়া দাবীৰ চনদক লৈ চলি থকা আন্দোলনৰ অংশ হিচাপে এই সমাৱেশৰ আহ্বান জনাইছিল । ইয়াৰ ভিতৰত নিযুক্তি, খিলঞ্জীয়া বাসিন্দাৰ সুৰক্ষা, প্ৰব্ৰজন আৰু পৰিৱেশ সুৰক্ষা আদি আছিল প্ৰতিবাদকাৰীৰ অন্যতম দাবী । মেঘালয় আৰক্ষীৰ সূত্ৰই জনোৱা মতে, প্ৰতিবাদকাৰীয়ে সন্ধিয়াৰ ভাগত বাহনবোৰক আক্ৰমণ কৰাৰ লগতে মানুহক পৰ্যন্ত আক্ৰমণ কৰিছিল । তদুপৰি চৰকাৰী বাহন পৰ্যন্ত জ্বলাই দিয়াৰ বাতৰিও পোৱা গৈছে । পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে প্ৰতিবাদকাৰীয়ে স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি পৰ্যন্ত ভাঙি পেলোৱা বুলিও জানিব পৰা গৈছে ।
উল্লেখনীয় যে, এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাচতে অসম ৰাজ্যিক চালক সন্থাই এক প্ৰেছ বিজ্ঞপ্তিযোগে মেঘালয় চৰকাৰক ঘটনাৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ লগতে অসমৰ ক্ষতিগ্ৰস্ত চালকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।