“শিক্ষাৰ্থীৰ দাবী শুনক” – পত্ৰযোগে হেমন্ত সোৰেণলৈ আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ
ঝাৰখণ্ডত এতিয়াও ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰী । ধাৰাবাহিকভাৱে ৰাজ্য চৰকাৰৰ পৰা সমাধান দাবী কৰি অহাৰ সময়তে শেহতীয়াকৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে হেমন্ত ছোৰেনক বিষয়টো সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় । যুৱ নেতাগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ৰাজ্যৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছে।
১৪ আগষ্টত সোৰেনলৈ লিখা এখন পত্ৰত গান্ধীয়ে কয় যে সোমবাৰে ২৪ দিনত প্ৰৱেশ কৰা প্ৰতিবাদ ‘শান্তিপূৰ্ণ’ আৰু ছাত্ৰ-ছাত্ৰীৰ দাবী ‘বৈধ’ ।

চতুৰ্দশ ঝাৰখণ্ড লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা, ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা আৰু অন্যান্য নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্তৰ দাবীত বৃহৎ সংখ্যক চাকৰি প্ৰত্যাশীয়ে ৰাঁচীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

গান্ধীয়ে কয়, “কংগ্ৰেছ দলে বিশ্বাস কৰে যে ভাৰতৰ সংবিধানত উল্লেখ কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আমাৰ গণতন্ত্ৰৰ অন্যতম কেন্দ্ৰীয় স্তম্ভ । সেয়েহে আমি যোৱা কেইমাহমানৰ পৰা শিক্ষা ব্যৱস্থাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক আমাৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো ।”
তেওঁ পুনৰ কয়, “মই বিশ্বাস কৰোঁ যে ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা কেইবাটাও দাবীৰ ওপৰতো সহমত আছে । অৱশ্যে প্ৰতিবাদ অব্যাহত আছে আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে অনিৰ্দিষ্টকাললৈ অনশন কৰি আছে । মই তেওঁক ব্যক্তিগতভাৱে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিক সাক্ষাৎ কৰিবলৈ আহ্বান জনাইছো ।”
লোকসভাৰ বিৰোধী দলপতি গান্ধীয়ে কয় যে এই পদক্ষেপে “তেওঁলোকৰ বাকী থকা উদ্বেগসমূহ সমাধানৰ বাবে চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰাত” সহায় কৰিব ।
ৰাহুল গান্ধীয়ে ভাৰতৰ যুৱক-যুৱতীসকলেই দেশৰ ভৱিষ্যত বুলি কয় ।