Your Mic Your Voice

এফালে স্বাধীনতাৰ উল্লাস, আনফালে কঁপি উঠিছিল অসমৰ মাটি

0

ভাৰত স্বাধীন হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত । স্বাধীনতাৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপনৰ সময়তো অৰ্থাৎ ১৯৫০ চনৰ ১৫ আগষ্টতো সমগ্ৰ দেশজুৰি দেখিবলৈ পোৱা গৈছিল স্বাধীনতা দিৱসৰ উলাহ-উৎসৱ । সমগ্ৰ দেশত উলাহ-উৎসৱ থাকিলেও কিন্তু সেই দিনটো অসমৰ বাবে পৰিণত হৈছিল এক মৰ্মান্তিক দিনৰ লগতে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ দিন হিচাপে । সন্ধিয়া প্ৰায় ৭ বাজি ৩৯ মিনিটত প্ৰচণ্ড ভূমিকম্পই কঁপাই তুলিছিল অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । ইতিহাসত এই ভূমিকম্প ‘১৯৫০ৰ অসম-তিব্বত ভূমিকম্প’ নামেৰে পৰিচিত ।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল বৰ্তমানৰ অৰুণাচল প্ৰদেশ-তিব্বত সীমান্তৰ সমীপৰ হিমালয়ৰ পূব প্ৰান্ত । অসমৰ চৰকাৰী দুৰ্যোগ ব্যৱস্থাপনা নথি অনুসৰি ভূমিকম্পটোৰ প্ৰাবল্য ৮.৭ মেগনিটিউড আছিল । পৰৱৰ্তী বৈজ্ঞানিক পুনৰ-মূল্যায়নত USGS-এ ইয়াৰ প্ৰাবল্য ৮.৬ বুলি নিৰ্ধাৰণ কৰিছে ।

এই ভূমিকম্পৰ ভয়াবহতা কেৱল কম্পনতে সীমাবদ্ধ নাছিল । উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত পাহাৰ খহি পৰিছিল, মাটিত ফাঁট মেলিছিল, নদ-নদীৰ গতিপথ আৰু পানীৰ প্ৰবাহৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছিল । বিশেষকৈ শদিয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড় আদি অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি হৈছিল । অসমৰ চৰকাৰী নথি অনুসৰি ডিব্ৰুগড় আৰু ছৈখোৱাঘাট আছিল ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম । ৰে’লপথ, দলং আৰু যোগাযোগ ব্যৱস্থাও ক্ষতিগ্ৰস্ত হৈছিল ।

ভূমিকম্পৰ ফলত পাহাৰৰ পৰা বৃহৎ পৰিমাণৰ ভূমিস্খলন হৈছিল । বহু ঠাইত ভূমিস্খলনে নদীৰ উপনৈসমূহৰ পথ বন্ধ কৰি দিছিল । ইয়াৰ ফলত পিছলৈ হঠাৎ বানৰ সৃষ্টি হৈছিল । অৰ্থাৎ ভূমিকম্পৰ মূল জোকাৰণিৰ পাছতো প্ৰকৃতিয়ে অসমবাসীক বিপদৰ পৰা ৰেহাই দিয়া নাছিল । ভূমিস্খলন, বান আৰু নদীৰ গতিপথৰ পৰিৱৰ্তনে দুৰ্যোগটোক অধিক ভয়ংকৰ কৰি তুলিছিল ।

unimex

সমান্তৰালভাৱে অৰুণাচলৰ পাহাৰীয়া অঞ্চলত ক্ষয়-ক্ষতি আছিল অত্যন্ত ভয়ংকৰ । USGS-ৰ তথ্য অনুসৰি পূব তিব্বত আৰু অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত বহু ভূমিস্খলন সংঘটিত হৈছিল আৰু প্ৰায় ৭০খন গাঁও ধ্বংস হৈছিল । অসমৰ শদিয়া-শিৱসাগৰ অঞ্চলতো অতি তীব্ৰ ভূমিকম্পীয় প্ৰভাৱ পৰিছিল ।

এই ভূমিকম্প কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলতেই নহয়, ভাৰতৰ পূব আৰু উত্তৰ অংশৰ বিস্তীৰ্ণ অঞ্চলত ইয়াৰ কম্পন অনুভূত হৈছিল । চৰকাৰী তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰভাৱ বহু দূৰলৈ বিস্তৃত হৈছিল ।

প্ৰাণহানিৰ সংখ্যাক লৈ বিভিন্ন ঐতিহাসিক উৎসত কিছু পাৰ্থক্য দেখা যায় । USGS-ৰ তথ্যত তিব্বত আৰু অসমত হোৱা মৃত্যুৰ পৃথক হিচাপ উল্লেখ কৰা হৈছে; অসমৰ ক্ষেত্ৰত ১,৫০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি বিভিন্ন ঐতিহাসিক উৎসত পোৱা যায় ।
১৯৫০ৰ সেই ভূমিকম্প কেৱল এটা প্ৰাকৃতিক দুৰ্যোগৰ ইতিহাস নহয়; ই অসমৰ ভূ-প্ৰকৃতি, নদ-নদী, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনৰ ওপৰত পেলাইছে গভীৰ প্ৰভাৱ । বিজ্ঞানীসকলৰ মতে, পূব হিমালয়ৰ জটিল ভূ-গাঁথনি আৰু টেকটনিক গতিবিধিৰ সৈতে এই বৃহৎ ভূমিকম্পৰ সম্পৰ্ক আছিল ।

নতুন স্বাধীনতা সোৱাদ যেতিয়া সমগ্ৰ দেশে অনুভৱ কৰি আছিল সেই সময়ত অসম সন্মুখীন হৈছিল ইতিহাসৰ অন্যতম এটা প্ৰাকৃতিক দুৰ্যোগৰৰ বিৰুদ্ধে । ১৯৫০ চনৰ ১৫ আগষ্টৰ দিনটোৰ ভূমিকম্পৰ স্মৃতিয়ে আজিও অসমীয়াৰ সামূহিক স্মৃতিত এক দুঃস্বপ্ন হৈ আছে আৰু প্ৰতি বছৰে স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে সেই ধ্বংসলীলা আমাক সোঁৱৰাই দিয়ে । ইয়াৰ লগতে ভূমিকম্পপ্ৰৱণ এলেকাটোৰ বাসিন্দা হিচাপে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ সজাগতা, বিজ্ঞানসন্মত নিৰ্মাণ আৰু দুৰ্যোগ প্ৰস্তুতি আদিও যে অতি প্ৰয়োজনীয় সেয়াও ।

Leave A Reply

Your email address will not be published.

Translate »