গোবিন্দাৰ বিবাহবহিৰ্ভূত সম্পৰ্ক ! অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতা পত্নীৰ
সম্প্ৰতি বলিউড জগতত তুংগত উঠিছে এটা খবৰে । গোবিন্দা আৰু সুনীতা আহুজাৰ মনোমালিন্যৰ খবৰে দখল কৰিছে বৰ্তমান সংবাদ শীৰ্ষ । বলিউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ চৰ্চিত প্ৰেমৰ সম্পৰ্কক লৈ পত্নীয়ে মন্তব্য প্ৰকাশ কৰাৰ পিছতে গোবিন্দ আৰু সুনীতা আহুজাৰ সম্পৰ্কই বৰ্তমানেও চৰ্চা লাভ কৰিছে । তেওঁলোকৰ বিবাহক লৈ চলি থকা হুলস্থুলৰ মাজতে শেহতীয়াকৈ বিমানবন্দৰত দেখা গৈছিল গোবিন্দাক তেওঁৰ চৰ্চিত প্ৰেমিকা তথা নৱাগত অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰৰ সৈতে । ইয়াৰ পাচতে সুনীতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সংবাদ মাধ্যেমৰ আগত সুনীতাই কয়, “বিনাশ কালে বিপৰীত বুদ্ধি – এই ফকৰা যোজনাফাকি হয়তো সকলোৱে জান । তেওঁৰো বুদ্ধিভ্ৰষ্ট ঘটিছে । সেইবাবেই তেওঁ এনেকুৱা কৰিছে । মই এই সন্দৰ্ভত আৰু একোৱেই ক’ব নিবিচাৰো ।”
মানুহে গোবিন্দক ‘চিটাৰ নম্বৰ ৱান’ বুলি কোৱা সন্দৰ্ভত সুনীতাই কয়, “এই প্ৰশ্নটো মই গোবিন্দাৰ অনুৰাগীসকলক কৰিব বিচাৰোঁ যে যেতিয়া মই কিবা কওঁ, তেতিয়া সকলোৱে মোক ট্ৰ’ল কৰে । এতিয়া মই বিচাৰোঁ যে গোবিন্দাৰ অনুৰাগী আৰু সংবাদ মাধ্যমে ইয়াৰ উত্তৰ দিয়ক, মোক একো নুসুধিব, মোৰ কোনো আগ্ৰহো নাই ।”

ইয়াৰ পূৰ্বে গোবিন্দই সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুনীতা আহুজা সন্দৰ্ভত কয়, “তাই মোক মৰমৰ অত্যাচাৰ কৰে কৰে আৰু মই মাত্ৰ সকলোবোৰক মৰমেৰে গ্ৰহণ কৰি আহিছো ।”
১৯৮৭ চনত বিবাহপাশত আবদ্ধ হৈছিল সেই সময়ৰ ছুপাৰষ্টাৰ অভিনেতা গোবিন্দ আৰু সুনীতা । বৰ্তমান তেওঁলোক দুটিকৈ সন্তানৰ পিতৃ-মাতৃ ।