কেৰেলাৰ পৰা কেৰালাম: লোকসভাত গৃহীত হ’ল নাম সলনিৰ বিধেয়ক
দক্ষিণৰ এখন অন্যতম ৰাজ্য কেৰালাৰ চৰকাৰী নাম ‘কেৰালাম’লৈ সলনি কৰাৰ বাবে গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক দ্য কেৰেলা (নাম পৰিৱৰ্তন) বিল, ২০২৬ লোকসভাত গৃহীত হয় । হুলস্থুলৰ মাজতে আলোচনা নোহোৱাকৈ বিধেয়কখন গৃহীত হয় । কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে সোমবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হৈ বিধেয়কখন উত্থাপন কৰিছিল ।
মংগলবাৰৰ দিনা যেতিয়া বিধেয়কখন বিবেচনাৰ বাবে লোৱা হৈছিল তেতিয়া বিৰোধীয়ে সদনৰ পৰিৱেশ অস্থিৰ কৰি তুলিছিল । বিৰোধীৰ হুলস্থুলৰ মাজতে লোকসভাই কণ্ঠ ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত কৰে । ইয়াৰ লগে লগে মালয়ালীসকলৰ দশক দশক পুৰণি সাংস্কৃতিক আকাংক্ষা পূৰণৰ বাট প্ৰশস্ত হয় । এতিয়া এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাটো প্ৰয়োজন । যদি ৰাজ্যসভাতো গৃহীত হয় আৰু তাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদন পায় তেন্তে নাম সলনিৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ।
এই বিধেয়কখনে সংবিধানৰ প্ৰথম অনুসূচী সংশোধন কৰি এতিয়াৰ পৰা সকলো চৰকাৰী নথি-পত্ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গেজেটত ৰাজ্যখনৰ নাম ‘কেৰালা’ বুলি লিপিবদ্ধ কৰিব বিচাৰিছে । ১৩ আগষ্টত সমাপ্ত হ’বলগীয়া সংসদৰ বাৰিষা অধিৱেশনৰ সময়ত ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰি গৃহীত কৰিব পাৰিব নে নাই সেয়া স্পষ্ট হোৱা নাই ৷

বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ
মালয়ালীসকলে সদায় নিজৰ দেশখনক ‘কেৰালাম’ বুলি অভিহিত কৰি আহিছে যদিও ইংৰাজী আৰু চৰকাৰী নথি-পত্ৰকে ধৰি অন্যান্য ভাষাত ইয়াক ‘কেৰালা’ বুলি লিপিবদ্ধ কৰা হৈছিল । এই বৈপৰীত্যৰ অন্ত পেলাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ নেতৃত্বত কেৰালা বিধানসভাত শাসকীয় এলডিএফ আৰু বিৰোধী ইউডিএফে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰত দাখিল কৰে ।
ইয়াৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাৰিকৰী পৰীক্ষা সম্পূৰ্ণ কৰি কেন্দ্ৰীয় কেবিনেটৰ বিশেষ অনুমোদন সাপেক্ষে এই ঐতিহাসিক বিধেয়কখন সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰে । সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি বৰ্তমানৰ ৰাজ্যসমূহৰ নাম সলনি কৰাৰ সম্পূৰ্ণ ক্ষমতা সংসদৰ হাতত আছে । ইয়াৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কেৰালাৰ নাম সলনি কৰাৰ প্ৰস্তাৱ বিতংভাৱে পৰীক্ষা কৰিছিল । তাৰ পিছত প্ৰস্তুত কৰা কেন্দ্ৰীয় কেবিনেট নোটখন কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ অধীনস্থ আইনী পৰিক্ৰমা বিভাগ আৰু বিধান বিভাগে বিবেচনাৰ বাবে প্ৰেৰণ কৰে আৰু দুয়োটা বিভাগে এই প্ৰস্তাৱৰ ওপৰত অনুকূল স্থিতি প্ৰকাশ কৰে ।