Your Mic Your Voice

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ বিৰুদ্ধে বল প্ৰয়োগ অনুচিত: ঝাৰখণ্ডত প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত ৰাহুল গান্ধী

0

লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰে ৷ সাংসদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাটো ভুল বুলি X ত উল্লেখ কৰে । শান্তিপূৰ্ণ প্ৰতিবাদক এক অধিকাৰ বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে X ত ঝাৰখণ্ডৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে প্ৰশাসনৰ বল প্ৰয়োগক গৰিহণা দিয়ে । উল্লেখ কৰা প্ৰয়োজন যে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ শাসনাধিষ্ঠিত ৰাজ্য ঝাৰখণ্ড আৰু এই ৰাজ্যখন INDIA ব্লকৰ অন্তৰ্গত অৰ্থাৎ কংগ্ৰেছৰ মিত্ৰ দল । এই দিশটোলৈ লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ মন্ত্ৰী-সাংসদসকলে বিৰোধী নেতা ৰাহুল গান্ধীৰ ‘মৌনতা’ সন্দৰ্ভত বাৰম্বাৰ সমালোচনা কৰি থকা পৰিলক্ষিত হৈছিল । এই আক্ৰমণ অব্যাহত থকাৰ সময়তে ৰাহুল গান্ধীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুলে কয়, “ঝাৰখণ্ডত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাটো ভুল । শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ ছাত্ৰ-ছাত্ৰীৰ আছে আৰু কেৱল আলোচনাইহে সমাধান দিব পাৰে ।”

unimex

তেওঁ কয় যে ঝাৰখণ্ড চৰকাৰে এই ছাত্ৰ-ছাত্ৰীসকলৰ কথা শুনিব লাগিব আৰু তেওঁলোকৰ সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰিব লাগিব ।

ঝাৰখণ্ড বিধানসভাৰ চৌহদত বেৰিকেড ভংগ কৰি বন্ধ কৰি দিয়াৰ সময়ত আৰক্ষীয়ে জল কেনন ব্যৱহাৰ, কন্দুৱা গেছ প্ৰয়োগৰ লগতে লাঠি চালনা কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদক দমন কৰিব বিচাৰিছিল । উল্লেখ্য যে, ৰাজ্যখনৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ অভিযোগ তুলি শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ৫১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি পুৱা প্ৰায় ১০.৩০ বজাত পুৰণি বিধানসভা ভৱনৰ পৰা শিক্ষাৰ্থীসকলে পদযাত্ৰা আৰম্ভ কৰে । নিযুক্তি পৰীক্ষাৰ অনিয়মক লৈ আৰম্ভ কৰা প্ৰতিবাদে ইতিমধ্যে সম্পূৰ্ণ কৰিলে ১৭ দিনত । আন্দোলনকাৰীসকলে ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগ (জেএছএছচি)ত ব্যাপক সংস্কাৰৰ দাবী জনাইছে ।

বিক্ষোভকাৰীৰ সৈতে কেইবাবাৰো আলোচনাত প্ৰশাসন মিলিত হৈছে যদিও এই অচলাৱস্থা ভংগ কৰাত ব্যৰ্থ হৈছে চৰকাৰ । প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকে বাতিল কৰিব বিচৰা ১৩টা পৰীক্ষাৰ ভিতৰত মাত্ৰ তিনিটা পৰীক্ষা বাতিল কৰিবলৈ চৰকাৰে সন্মতি প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.

Translate »