Your Mic Your Voice

স্বাধীনতা দিৱসৰ পূৰ্বে দিল্লীত হাই এলাৰ্ট; ৰাজহুৱা স্থানত ১৯ ‘মষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীৰ পোষ্টাৰ

0

স্বাধীনতা দিৱসৰ পূৰ্বে দেশৰ ৰাজধানী দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে । সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে বিশিষ্ট ৰাজহুৱা স্থানত ১৯ জন ‘মষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীৰ ফটো আৰু চিনাক্তকৰণৰ বিৱৰণ থকা পোষ্টাৰ আঁৰি দিয়া হৈছে ।

পোষ্টাৰখনত আছে ভাৰতীয় মুজাহিদীন, আল কায়দা আৰু বিভিন্ন খালিস্তানী সংগঠনকে ধৰি নিষিদ্ধঘোষিত সংগঠনৰ সৈতে জড়িত একাংশৰ ছবি । আৰক্ষীয়ে জনোৱা মতে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে জনসচেতনতা বৃদ্ধি আৰু নাগৰিকসকলক এনে তথ্য প্ৰদান কৰিবলৈ উৎসাহিত কৰা যিয়ে প্ৰশাসনে বিচৰা ব্যক্তিসকলৰ সন্ধান উলিয়াবলৈ সহায় কৰিব পাৰে ।

পোষ্টাৰসমূহত আছে ভাৰতীয় মুজাহিদীন সম্পৰ্কীয় সন্দেহযুক্ত ৰিয়াজ ভাটকল আৰু ইকবাল ভাটকল নামেৰেও পৰিচিত শ্বাবন্দ্ৰি মহম্মদ ইকবাল । আল কায়দাৰ সৈতে জড়িতসকলৰ ভিতৰত আছে মহম্মদ শ্বাৰ্জিল আখতাৰ, আবু চুফিয়ান আৰু চৈয়দ মহম্মদ আৰ্ছিয়ান ।

unimex

এই তালিকাত খালিস্তান বাহিনীৰ সৈতে জড়িত ৰঞ্জিত সিং ওৰফে নীতা আৰু পৰমজিৎ সিং পম্মা আৰু খালিস্তান টাইগাৰ ফৰ্চৰ সৈতে জড়িত আৰ্ছদীপ সিং ওৰফে আৰ্ছ দালাকে ধৰি খলিস্তানী সন্ত্ৰাসবাদীৰ ফটোও সংলগ্ন কৰা হৈছে । আন নাম হৰবিন্দৰ সিং সন্ধু ওৰফে ৰিন্দা, ৱাধাৱা সিং বব্বৰ আৰু গুৰমীত সিং বাগ্গা, যিসকল বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলৰ সৈতে জড়িত ।

নাগৰিকলৈ দিল্লী আৰক্ষীয়ে দিছে বিশেষ পৰামৰ্শ

১৫ আগষ্টৰ স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে সমগ্ৰ দিল্লীত নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ কৰা হৈছে । আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহে ৰে’ল ষ্টেচন, বাছ টাৰ্মিনেল, বজাৰ, ধৰ্মীয় স্থান আৰু গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যনকে ধৰি ভিৰ কৰা আৰু স্পৰ্শকাতৰ স্থানসমূহত অধিক চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে । স্বাধীনতা দিৱসৰ পূৰ্বৰ সময়ছোৱাত যিকোনো সম্ভাৱ্য নিৰাপত্তাজনিত ভাবুকিৰ চিনাক্তকৰণ আৰু তাৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবেও কৰ্তৃপক্ষই ঘনিষ্ঠ সমন্বয় সাধন কৰি আছে ।

আৰক্ষীয়ে বাসিন্দা আৰু দৰ্শনাৰ্থীসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে আৰু যিকোনো সন্দেহজনক ব্যক্তি, কাৰ্যকলাপ বা বস্তুৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনাইছে । পোষ্টাৰসমূহত উল্লেখ কৰা কোনোবা ‘মষ্ট ৱাণ্টেড’ সন্দেহযুক্ত লোকৰ তথ্য থকা নাগৰিকসকলকো আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

Leave A Reply

Your email address will not be published.

Translate »