৬০ বছৰ সম্পূৰ্ণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানে
শনিবাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সংবিধানখনে হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে । অৰ্থাৎ ছাত্ৰ সন্থাই সংবিধানখন গ্ৰহণ কৰা ৬০ বছৰ সম্পূৰ্ণ হ’ল । এই উপলক্ষে শনিবাৰৰ সন্ধিয়া প্রতিখন জিলাত জিলা ছাত্র সন্থাই নিজ নিজ জিলা সদৰৰ ৰাজহুৱা স্থানত ৬০ গছিকৈ বন্তি প্রজ্জ্বলন কৰি সংবিধানৰ ৬০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে বছৰযোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে ।
আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে ৰাজ্যত অব্যাহত বান পৰিস্থিতিৰ বাবে সংগঠনটোৱে অন্যান্য কাৰ্যসূচীসমূহ স্থগিত ৰাখিছে । ১৯৬৭ চনৰ ৮ আগষ্টৰ পুৱা ৫ বজাত সংঘৰ তেজপুৰ সন্মিলনত আছুই সংবিধানখন গৃহীত কৰিছিল ।
সংগঠনটোৱে বছৰজোৰা বিশদ উদযাপনৰ পৰিকল্পনা কৰিছিল যদিও ৰাজ্যৰ শেহতীয়া বানৰ ফলত হোৱা সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি সকলো কাৰ্যসূচী বাতিল কৰে । ইয়াৰ পৰিৱৰ্তে জিলা সদৰসমূহে ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰিছে ।

আছু নেতৃত্বই কয় যে বান পৰিস্থিতি উন্নত হোৱাৰ পিছত বছৰজোৰা কাৰ্যসূচী ঘোষণা কৰা হ’ব ।
গুৱাহাটীত সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত লতাশিল খেলপথাৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
শিৱসাগৰত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ উদ্বোধন কৰে ।