মাৰ্কিন যুক্তৰাষ্ট্ৰত গৃহীত হ’ল নতুন বিধেয়ক, কি আছে এই নতুন বিধেয়কত ?
মার্কিন যুক্তৰাষ্ট্ৰৰ চিনেটত গৃহীত হৈছে নতুন বিধেয়ক। শুকুৰবাৰে ছিনেটত গৃহীত
হোৱা এই বিধেয়কখন সম্পূৰ্ণৰূপে আইনত পৰিণত হোৱা মাত্ৰকেই ভাৰতৰ ওপৰত ১০০ শতাংশ পর্যন্ত শুল্ক আৰোপ কৰাৰ কর্তৃত্ব লাভ কৰিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।
ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰা লৈ প্ৰস্তুত কৰা এই বিধেয়কখনত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ বিৰুদ্ধেও আইনী পদক্ষেপ গ্ৰহণৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে ।

অৱশ্যে নতুন দিল্লীয়ে পূর্বতেই ৰাছিয়াৰ পৰা সুলভ মূল্যত তেল ক্ৰয় কৰা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।
সদ্যপ্রয়াত প্রভাৱশালী মার্কিন ছিনেটৰ লিন্ডছে গ্রাহামে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
তেওঁৰ মৃত্যুৰ পিছত হোৱাইট হাউছে এই সংক্রান্তীয় আইনত অধিক তৎপৰতা প্ৰদৰ্শন কৰে আৰু ছিনেটত ৮৬-১১ ভোটৰ বৃহৎ ব্যৱধানত বিধেয়কখন গৃহীত হয়।
দীর্ঘদিন ধৰি ৱাশ্বিংটনে অভিযোগ তুলি আহিছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ জৰিয়তে ভাৰতে ইউক্রেইন আক্ৰমণক সমৰ্থন কৰি আহিছে। ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰে এই সন্দৰ্ভত মার্কিন যুক্তৰাষ্ট্ৰক স্থিতি স্পষ্ট কৰি জনাই যে ইউৰোপীয় অস্ত্ৰৰে বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ সংঘটিত হ’লেও ভাৰতে এনে কোনো পদক্ষেপ লোৱা নাই যিয়ে ইউৰোপৰ ক্ষতি কৰে। গতিকে নতুন মার্কিন বিল গৃহীত হ’লেও ভাৰতে নিজৰ স্বাৰ্থ আৰু স্বতন্ত্র বৈদেশিক নীতি অটুট ৰাখিব।