জীৱনৰ পৰীক্ষাত সূচী চিলেবাচৰ বাহিৰত থাকে, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ মেচেজ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ (IIT) ত ৫৭ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। এই সমাৰোহত মোডীয়ে ছাত্ৰ-ছাত্ৰীক সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। ছাত্ৰ-ছাত্ৰীসকলক মোডীয়ে শুভেচ্ছা জনাই তেওঁলোকক লৈ গৰ্বিত অনুভৱ কৰা কৰা বুলি কোৱাৰ লগতে নতুন যাত্ৰা উৎসাহপূৰ্ণ হওঁক বুলি মন্তব্য কৰে।
আগলৈ কয় যে তেওঁ আজি ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লগতে তেওঁলোকৰ লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। সকলোকে লৈ তেওঁ অত্যন্ত সুখী অনুভৱ কৰা বুলি তেওঁ কয়। প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ অধ্যাৱসায় তথা চেষ্টাৰ বলত এই সফলতা প্ৰাপ্তি কৰা বুলি তেওঁ উল্লেখ কৰে।

সকলোকে তেওঁ অন্তৰৰ পৰা ধন্যবাদ জনাই লগতে ছাত্ৰীৰ সংখ্যা আৰু অধিক বৃদ্ধি হওঁক বুলি আশা প্ৰকাশ কৰে।
লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক তেওঁ সন্মানিত কৰে। নৱপ্ৰজন্মৰ সৈতে সময় কটোৱাটো তেওঁৰ বাবে সদায় বিশেষ বুলি ভাষণত তেওঁ উল্লেখ কৰে।
লগতে IIT Delhi ত তেওঁ param pragya নামৰ AI ছুপাৰ কম্পিউটিং সুবিধাও উপলব্ধ কৰে।