Your Mic Your Voice

উন্নয়ন ক’ত ? ট্ৰেক্টৰৰ ট্ৰলীতেই প্ৰসৱ

0

ৰাজ্যখনত এটাৰ পিছত এটা প্ৰকল্পৰ উদ্বোধনেৰে ৰাজ্য চৰকাৰে উন্নয়নৰ দাবী কৰি থকাৰ সময়তে সময়ে সময়ে পৰিলক্ষিত হৈ আহিছে ৰাজ্যৰ বহু অঞ্চল মৌলিক সুবিধাৰ পৰাও বঞ্চিত হোৱাৰ দৰে নিৰ্মম ঘটনা । মাজুলীৰ লোহিত খাৱলু অঞ্চলৰ চানং গাঁৱত পুনৰ পোহৰলৈ আহিল এক হৃদয়বিদাৰক ঘটনা । গৰ্ভৱতী এগৰাকী মহিলাক গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ নিয়াৰ সময়ত পথৰ দুৰৱস্থাৰ বাবে ট্ৰেক্টৰৰ ট্ৰলিতেই সন্তান জন্ম দিবলগীয়া হয় মহিলাগৰাকীয়ে । প্ৰসৱৰ পিছতে মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোত আজিও নিয়মীয়াকৈ যান-বাহনৰ সুবিধা নাই । ১০৮ এম্বুলেন্স সেৱাও সেই অঞ্চললৈ নাযায় । ফলত সংকটৰ সময়ত ট্ৰেক্টৰেই অঞ্চলবাসীৰ বাবে হৈ পৰে একমাত্ৰ ভৰসা ।

unimex

অঞ্চলটোৰ বাবে এইটো কোনো নতুন ঘটনা নহয় । লোহিত খাৱলু অঞ্চলৰ বাসিন্দাসকলে বহু বছৰ ধৰি উন্নত পথ, এম্বুলেন্স সেৱা আৰু সহজলভ্য স্বাস্থ্যসেৱাৰ দাবী জনাই আহিছে । কিন্তু আজিও সেই দাবী বাস্তৱায়িত হোৱা নাই ।

প্ৰশ্ন উত্থাপিত হৈছে—উন্নয়নৰ দাবী অব্যাহত থকাৰ পাচতো সদাই বঞ্চিত হৈ অহা ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ লোকে কেতিয়া লাভ কৰিব মৌলিক সুবিধা? উদ্বোধনৰ ধাৰাবাহিকতাৰ সমান্তৰালভাৱে লোহিত খাৱলুৰ দৰে অঞ্চলৰ এই বাস্তৱ ছবিও ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত বহু প্ৰশ্নবোধক তুলিছে ।

Leave A Reply

Your email address will not be published.

Translate »