Your Mic Your Voice

বন্যাৰ্তৰ দুখ-দুৰ্দশা বুজিবলৈ আজি অসমলৈ আহি আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা

0

আজি অৰ্থাৎ ৪ আগষ্টৰ দিনা অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা । তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবত আজি উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । অসমত উপস্থিত হোৱাৰ পিছত উজনিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব নাড্ডাই । বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বুজ ল’ব নাড্ডাই ।

জানিব পৰা মতে, আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়তেই নিশা কটাব আৰু আগন্তুক দুটা দিন তেওঁ চৰাইদেউ আৰু শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলবোৰ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ ল’ব ৷

unimex

ইয়াৰ পাচতে ৬ আগষ্টৰ দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ ৰাওনা হ’ব ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈকো যাব বুলি জানিব পৰা গৈছে । উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমানেও বিলাই-বিপত্তিৰ অন্ত পৰা নাই শিৱসাগৰ জিলাৰ বহু অঞ্চলত । পলসত ঘৰ পোত যোৱাৰ বাবে বহু বন্যাৰ্ত এতিয়াও আৱদ্ধ হৈ আছে আশ্ৰয় শিবিৰতে । বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য ২ আগষ্টৰ পৰা উজনি অসমতে আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Leave A Reply

Your email address will not be published.

Translate »