Your Mic Your Voice

সুৰক্ষিত প’ৰ্টেলৰ জৰিয়তে ৰাজ্যত আৰম্ভ লোকপিয়লৰ স্ব-গণনা প্ৰক্ৰিয়া

0

আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ’ল লোকপিয়ল প্ৰক্ৰিয়া । স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত হ’ব লোকপিয়ল । আজিৰে পৰা ১৬ আগষ্ট পৰ্যন্ত চলিব স্ব-গণনা ৷ ১৫ দিনৰ বাবে খোলা থাকিব বিশেষ প’র্টেল ৷ এই সময়ছোৱাত নিৰ্দিষ্ট প’ৰ্টেলত নিজেই দাখিল কৰিব পাৰিব তথ্য । se.census.gov.in এই লিংকলৈ গৈ তথ্য দাখিল কৰিব পাৰিব । মুঠ ৩৩ টা প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰ-পত্ৰ পূৰণকাৰীয়ে ।

প্ৰথম পৰ্যায় সম্পন্ন হোৱাৰ পাছত ১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল প্ৰক্ৰিয়া । ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব ‘গৃহ লোকপিয়ল’। এই সময়ছোৱাত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব বিভিন্ন তথ্য । লোকপিয়লৰ (Census 2027) বাবে নিযুক্তি দিয়া হৈছে ৫৯গৰাকী মাষ্টাৰ ট্ৰেইনাৰ । সমান্তৰালকৈ ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব ১,১৩৯গৰাকী । সঠিক আৰু স্বচ্ছ তথ্য নিশ্চিত কৰাৰ বাবে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছে ডিজিটেল প্ৰযুক্তি ।

unimex

ৰাজ্যত দুটা পৰ্যায়ত লোকপিয়ল ২০২৭ৰ স্ব-গণনা আৰম্ভ হ’ব । এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী ব্যক্তিয়ে নিজেই লোকপিয়লৰ গণনাৰ অংশীদাৰ হ’ব পাৰিব । অৱশ্যে স্ব-গণনা বাধ্যতামূলক নহয় । স্ব-গণনা কৰিলে বা নকৰিলেও গণনাকাৰী বিষয়াই ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য ।

উল্লেখ কৰা প্ৰয়োজন যে আজিৰে পৰা স্ব-গণনাৰ জৰিয়তে লোকপিয়ল প্ৰক্ৰিয়া (Digital Census) আনুষ্ঠানিকভাৱে আৰম্ভ হ’লেও বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউত বৰ্তমান নহয় এই লোকপিয়ল । বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত সাময়িকভাৱে বন্ধ ৰখা হৈছে লোকপিয়লৰ স্ব-গণনা ।

লোকপিয়ল সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে ২০২৭ ৰ ১ মাৰ্চ । ইয়াৰ বাবে জিলা আয়ুক্ত পৰ্যায়লৈকে সম্পন্ন কৰা হৈছে প্ৰশিক্ষণ । নিযুক্তি প্ৰদান কৰা হৈছে ৫৯গৰাকী মাষ্টাৰ ট্ৰেইনাৰৰ লগতে ১০৯ গৰাকী ফিল্ড ট্ৰেইনাৰ ৷ ইয়াৰ তলত থাকিব মুঠ ৮৬ হাজাৰ ছুপাৰ ভাইজাৰ ৷ ৰাজ্যৰ ৩৫খন জিলাৰ মুঠ ১৬৬খন উপ জিলা আৰু ১২খন টাউন আৰু ২৬,২৩৬খন গাঁৱত হ’ব লোকপিয়ল ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নিজে স্ব-গণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি সামাজিক মাধ্যমযোগে লিখিছে, ‘‘আজি মই স্ব-গণনা সম্পূৰ্ণ কৰিলোঁ । হয়তো অৱগত হৈছেই যে আজিৰে পৰা অসমত লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল আৰু এতিয়া ঘৰত বহিয়েই অতি সহজে নিজৰ পৰিয়ালৰ তথ্য নিজেই পূৰণ কৰি লোকপিয়লত অংশগ্ৰহণ কৰিব পৰা যাব । বিলম্ব নকৰি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰ হ’বলৈ আটাইলৈ আন্তৰিক আহ্বান জনালোঁ ।’’

Leave A Reply

Your email address will not be published.

Translate »